/asomiyapratidin/media/media_files/2025/11/10/whatsapp-image-2-2025-11-10-14-35-03.jpeg)
ডিজিটেল ডেস্কঃ মঙলবাৰে বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত হ'বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে।
কাইলৈ অন্তিম পর্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই ১৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব।
এই পর্যায়ত ভাৰত-নেপাল সীমান্তৰ সমষ্টিসমূহৰ লগতে মগধ, ক'চি, মিথিলাঞ্চল, সীমাঞ্চল আদিত ভোটগ্রহণ কৰা হ'ব। পূব আৰু পশ্চিম চম্পাৰণ জিলাৰ লগতে মধুবনী, সীতামহি, ছুপাৰল, কিষাণগঞ্জ, পূর্ণিয়া, কাটিহাৰ, ভগলপুৰ, গয়া, ঔৰাংগাবাদকে ধৰি জিলাসমূহত ভোটগ্রহণ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্রশাসনে সকলো ব্যৱস্থা গ্রহণ কৰিছে।
কাইলৈ ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই সমগ্র প্রক্রিয়া ৱেবকাষ্টিং কৰা হ'ব। নির্বাচন আয়োগে পাটনাৰ মুখ্য নির্বাচনী কার্যালয়ত বিশেষ নিয়ন্ত্রণ আক নির্দেশনা কক্ষ স্থাপন কৰিছে। অনুৰূপ নিয়ন্ত্রণ কক্ষ ভোটগ্রহণ হ'বলগীয়া ২০ খন জিলাত স্থাপন কৰা হৈছে।
মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৫৯৫ খন ভোটকেন্দ্র কেৱল মহিলা বিষয়া কৰ্মীৰ দ্বাৰা পৰিচালিত হ'ব। একেদৰে ২১টা কেন্দ্র বিশেষভাবে সক্ষম বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হ'ব। ৩১৬টা আদর্শ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে।
প্ৰায়বোৰ সমষ্টিতে এন ডি এ আৰু মহামিত্রজোঁটৰ প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যখনত ৬ নৱেম্বৰত অনুষ্ঠিত প্রথম পৰ্যায়ৰ ভোটগ্রহণত প্রায় ৬৫ শতাংশ ভোটদাতাই ভোটদান কৰে। অহা ১৪ নৱেম্বৰত ভোট গণনা কৰা হ'ব।
তলত ১২২ খন সমষ্টিৰ নাম উল্লেখ কৰা হ'ল- বাল্মিকী নগৰ, ৰামনগৰ, নৰকটীয়াগঞ্জ ,বগাহা, লৌৰিয়া, নৌতন, চানপতীয়া, বেটিয়াহ, ছিকতা, ৰক্সাউল, সুগৌলি, নৰকটীয়া, হৰসিধি (অনুসূচিত জাতি), গোবিন্দগঞ্জ,কেছাৰিয়া, কল্যাণপুৰ ,পিপ্ৰা, মধুবন, মতিহাৰী,চিৰীয়া, ঢাকা, শ্বেওহৰ , ৰিগা, বাথনাহা (অনুসূচিত জাতি,পৰিহাৰ, সুৰসন্দ, বাজপট্টি, সীতামড়ী, ৰুন্নীছৈদপুৰ, বেলছান্দ ,হৰলাখী, বেনীপট্টি,খজাউলী, বাবুবড়ী, বিছফি, মধুবনী , ৰাজনগৰ (অনুসূচিত জাতি), ঝাংঝাৰপুৰ, ফুলপাৰাছ,লৌকাহা,নিৰ্মালী, পিপৰা, সুপৌল, ত্ৰিবেণীগঞ্জ (এছ চি) , ছটাপুৰ, নৰপাটগঞ্জ , ৰাণীগঞ্জ (এছ চি), ফৰ্বেছগঞ্জ, আৰৰিয়া, জোকিহাট,শক্তি, বাহাদুৰগঞ্জ, ঠাকুৰগঞ্জ,কিশনগঞ্জ, কোচাধামন, আমূৰ, বৈচী ,কাছবা , বনমনখী (অনুসূচিত জাতি), ৰূপাউলী, ধমদহা, পূৰ্ণিয়া, কাটিহাৰ, কদৱা, বলৰামপুৰ, প্ৰাণপুৰ, মণিহাৰী (অংশ জাতি), বৰাৰী, কোৰহা (অনুসূচিত জাতি), বিহপুৰ ,গোপালপুৰ , পিৰপাইন্তী (অনুসূচিত জাতি) , কহলগাঁও, ভাগলপুৰ, চুলতানগঞ্জ, নাথনগৰ, অমৰপুৰ, ধোৰাইয়া (অনুসূচিত জাতি), বাংকা, কটোৰিয়া (অংশ জাতি), বেলহাৰ, ৰামগড়, মোহনীয়া (অনুসূচিত জাতি), ভাবুৱা, চৈনপুৰ, চেনাৰি (অনুসূচিত জাতি),সাছাৰাম, কাৰ্গহাৰ , দিনাৰা , নোখা , ডেহৰী, কৰকাট, আৰৱাল, কুৰ্ঠা , জেহানাবাদ, ঘোষী, মাখদুমপুৰ (অনুসূচিত জাতি) , গহ, ওবৰা , নবিনগৰ , কুটুম্বা (অনুসূচিত জাতি), ঔৰংগাবাদ , ৰফিগঞ্জ, গুৰুৱা , শ্বেৰঘটি, ইমামগঞ্জ (অনুসূচিত জাতি) , বৰাচট্টি (অনুসূচিত জাতি), বোধ গয়া (অনুসূচিত জাতি) , গয়া টাউন , টিকাৰী, বেলাগাঞ্জ , আত্ৰি, ৱাজিৰগঞ্জ , ৰজাউলী (অনুসূচিত জাতি) , হিছুৱা, নৱাদা , গোবিন্দপুৰ, ৱাৰছালিগঞ্জ,ছিকন্দ্ৰা (অনুসূচিত জাতি),জামুই,ঝাঝা, চকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us