কুৰুৱাবাহীত ডাম্পাৰে বিধ্বস্ত কৰিছে পথ...

কেৱল নিজৰ ব্যৱসায়িক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত সমজিলাৰ কুৰুৱাবাহীত একাংশ মাটি ব্যৱসায়ীয়ে কিছুদিনৰ পৰা চলাচল কৰা ডাম্পাৰৰ বাবেই এটা গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথৰ মৃত্যু যাত্ৰা আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
new ap web boka

ডিজিটেল সংবাদ, বোকাখাত : কেৱল নিজৰ ব্যৱসায়িক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত সমজিলাৰ কুৰুৱাবাহীত একাংশ মাটি ব্যৱসায়ীয়ে কিছুদিনৰ পৰা চলাচল কৰা ডাম্পাৰৰ বাবেই এটা গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথৰ মৃত্যু যাত্ৰা আৰম্ভ হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ মাজেৰে যোৱা এই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথটোৰ ওপৰেদি দৈনিক অনিয়ন্ত্ৰিতভাৱে চলাচল কৰা মাটি কঢ়িওৱা গধুৰ ডাম্পাৰৰ বাবেই পথটোৰ বহু অংশ বিধ্বস্ত হৈ পৰিছে। 

কুৰুৱাবাহী তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই আহি বৃহত্তৰ কুৰুৱাবাহীৰ মাজেৰে গৈ পুনৰ ৰজাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় পথত সংযোগ হোৱা এই পথটোৰে শেহতীয়াকৈ মধুপুৰ পথাৰৰ পৰা নুমলীগড়ৰ একাংশ ইটাভাটাত মাটি যোগান ধৰিবলৈ দৈনিক ডাম্পাৰৰ চলাচল হৈ থকাত পথটোৰ বহু ঠাইত বহি যোৱাত অতি সোনকালেই পথটো যান-বাহন চলাচলৰ অনুপযোগী হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। ইফালে পথটো ঠেক হোৱাৰ বাবেও দৈনিক ডাম্পাৰৰ চলাচল হৈ থকাত খোজকঢ়া লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু চাইকেল-মটৰচাইকেল আৰোহীসকলৰ প্ৰতিটো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে।

আনহাতে কুৰুৱাবাহী তিনিআলিত থকা দৈনিক বজাৰৰ ভিৰৰ মাজেৰে ডাম্পাৰ সমূহৰ চলাচল হৈ থকাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। লগতে ডাম্পাৰৰ পৰা উৰি অহা ধূলি-বালিয়ে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ প্ৰদূষিত কৰিছে, যাৰ ফলত স্থানীয় ৰাইজ বিশেষকৈ শিশু আৰু বৃদ্ধসকল শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিবলগীয়া হৈছে।

WhatsApp Image 2026-03-08 at 6.50.51 PM

উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনৰ পকী গ্ৰাম্য পথসমূহত অত্যধিক ওজনৰ মালবাহী যান-বাহন চলাচলত কিছু নিষেধাজ্ঞা আছে যদিও এই ক্ষেত্ৰত কোনো আইনী নীতি-নিৰ্দেষণা এই ব্যৱসায়ীসকলে মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গতিকে এই ক্ষেত্ৰত শীঘ্ৰেই বোকাখাত সমজিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰি পথটোৰ মেৰামতি, ডাম্পাৰ আৰু ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। লগতে বিভাগীয় ভাৱে কুৰুৱাবাহী আৰু ৰজাবাৰীত অৰ্থাৎ ক্ষতিগ্ৰস্থ পথটোৰ দুয়ো মূৰত পথৰ ওজনৰ সীমা উল্লেখ থকা চাইনবোৰ্ড লগাবলৈ অনুৰোধ জনাইছে।

বোকাখাত ডাম্পাৰ