দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাবৰ উদ্যোগত আলোচনা চক্ৰ

শুকুৰবাৰে দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱৰ উদ্যোগত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰৰ বিষয় আছিল- শান্তি প্ৰতিষ্ঠাৰ সমসাময়িক প্ৰত্যাহ্বান (Contemporary Challenges to Peacebuilding )।

author-image
Asomiya Pratidin
New Update
190

ডিজিটেল সংবাদ, গুৱাহাটী : শুকুৰবাৰে দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱৰ উদ্যোগত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰৰ বিষয় আছিল- শান্তি প্ৰতিষ্ঠাৰ সমসাময়িক প্ৰত্যাহ্বান (Contemporary Challenges to Peacebuilding )।

উল্লেখযোগ্য যে, এই আলোচনা চক্ৰখনি গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সীত আয়োজন কৰা হয়। আলোচনা চক্ৰখনি সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে। 

এই আলোচনা চক্ৰত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিষয়বস্তু সন্দৰ্ভত নিজ নিজ মত ব্যক্ত কৰে। তেওঁলোক হৈছে পদ্মশ্ৰী বঁটাপ্ৰাপক মানস চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন অধ্যাপিকা শীলা বৰা, ব্ৰিগেডিয়াৰ তথা বিশিষ্ট লেখক ৰঞ্জিত বৰঠাকুৰ আৰু ববিতা পাল।

আটাইকেইগৰাকী আলোচকে সাংবাদিকতা, শৈক্ষিক ক্ষেত্ৰ, জনসেৱা, সশস্ত্ৰ বাহিনী আৰু যুৱ নেতৃত্বৰ অভিজ্ঞতাৰ আধাৰত শান্তি প্ৰতিষ্ঠাৰ বিভিন্ন উপায়ৰ ওপৰত আলোকপাত কৰে।

গুৱাহাটী