জামুগুৰিহাটত দিনদুপৰতে ডকাইতি কাণ্ডঃ দম্পতীৰ পৰা লুটিলে নগদ ধন

জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ সমীপত দিনদুপৰতে সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা। AS-32-A-5355 নম্বৰৰ এখন মাৰুতী ইকো ভানত অহা দুৰ্বৃত্তৰ এটা দলে এক দম্পতীক আগভেটি ধৰি নগদ ৫ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
fdfswdwsdasa

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ সমীপত দিনদুপৰতে সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা। AS-32-A-5355 নম্বৰৰ এখন মাৰুতী ইকো ভানত অহা দুৰ্বৃত্তৰ এটা দলে দম্পতীক আগভেটি ধৰি নগদ ৫ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বালিপৰাৰ দিশৰ পৰা শিজোচা অভিমুখে বাইকত গৈ আছিল চাংগে কী আৰু তেওঁৰ পত্নী। সেই সময়তে ভানখনত অহা দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক আগভেটি ধৰি ভয়-ভাবুকি প্ৰদৰ্শন কৰি নগদ ধন লুটি লয়। ঘটনাৰ সময়ত পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন হৈছে।

এই ডকাইতি কাৰ্য সংঘটিত কৰাৰ পাছতে দুৰ্বৃত্তৰ দলটোৱে তীব্ৰবেগেৰে গাড়ী চলাই চকীঘাট দলঙৰ দিশেৰে উধাও হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে ভুক্তভোগী দম্পতীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জামুগুৰি আৰক্ষীত লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে জড়িত দুৰ্বৃত্তক আটক কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

জামুগুৰিহাট