/asomiyapratidin/media/media_files/2025/08/09/49-2025-08-09-21-34-28.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বিপদজনক বুলি ইতিমধ্যেই নিশ্চিত হোৱা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে, এন এইচ পি চিয়ে অসম সীমান্তৰ অৰুণাচলৰ গেৰুকামুখত নিৰ্মাণ কৰি থকা বৃহৎ নদী বান্ধ নিৰ্মাণৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই নদীবান্ধটো নামনি অঞ্চলৰ অসমীয়া মানুহৰ বাবে মৰণ ফান্দ বুলি অভিহিত কৰি আহিছে আৰু নামনি অঞ্চলৰ অসমীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত নকৰা পৰ্যন্ত বৃহৎ নদীবান্ধটো বন্ধ কৰাৰ দাবী জনাই আহিছে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি অসমৰ বিভিন্ন দল সংগঠন, নদীবান্ধ বিশেষজ্ঞ পৰিবেশ বিজ্ঞানী, ভূ বিজ্ঞানী আদিৰ দাবী ভাৰত চৰকাৰ আৰু এন এইচ পি চিয়ে নস্যাৎ কৰি আহিছে যদিও অতি শেহতীয়াভাৱে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰীপদ নায়াৰে সদনৰ মজিয়াত অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হয় যে সাগৰ পৃষ্ঠৰ পৰা ১৫০০ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা নামনি সোৱণশিৰি বৃহৎ নদী বান্ধটো জনজীৱনৰ বাবে বিপদজনক আৰু এই নিৰ্মীয়মান বৃহৎ নদীবান্ধটোৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক প্ৰযুক্তিগত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় শক্তি মন্ত্ৰী গৰাকীয়ে সদনত এই বিষয়টো উত্থাপন কৰাৰ পৰৱৰ্তী সময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাদ্বয়ে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আহিছে যে ভূকম্পন সংবেদনশীল অঞ্চলৰ ঠুনুকা শিলাখণ্ডৰ পাহাৰত নিৰ্মাণ কৰা ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ নামনি অঞ্চলৰ অসমৰ ৰাইজৰ জীৱন সম্পত্তি, পৰিবেশতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰৰ বাবে চৰম ভাবুকি স্বৰূপ।
পৰিষদে নামনিত অসমৰ ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ নিশ্চয়তা এন এইচ পি চিয়ে নকৰা পৰ্যন্ত নদীবান্ধটো বন্ধ ৰখাৰ বাবে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। বিগত ২৮ জুন ২০২৫ তাৰিখেও অসমৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্য্যন্ত নামনি সোৱণশিৰি নদীবান্ধ বন্ধ ৰখাৰ দাবীত গেৰুকামুখত থকা এন এইচ পি চিৰ মুখ্য প্ৰবেশদ্বাৰ অৱৰোধ কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।
যুৱ-ছাত্ৰ পৰিষদৰ প্ৰবল প্ৰতিবাদত বাধ্য হৈ এন এইচ পিচিয়ে নামনিত অসমৰ ৰাইজৰ সুৰক্ষাৰ বিষয়টোত এন এইচ পি চিৰ পৰিচালন সঞ্চালক আৰু যুৱ-ছাত্ৰ পৰিষদৰ শীৰ্ষ নেতৃত্বৰে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দি বাবে ১৫ দিনৰ সময় লৈছিল। এন এইচ পি চিৰ এই স্বৰ্তত যুৱ-ছাত্ৰ পৰিষদে সাময়িকভাৱে আন্দোলন কাৰ্যসূচী স্থগিত ৰাখিছিল।
কিন্তু দুৰ্ভাগ্যজনক বিষয় যে প্ৰায় দেৰ মাহ উকলি যোৱাৰ পিছতো এন এইচ পিচিয়ে আলোচনাৰ কোনো সদিচ্ছা প্ৰদৰ্শন কৰা নাই। সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অচিৰেই পুনৰ এন এইচ পি চিয়ে গেৰুকামুখত নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা স্পষ্ট কৰিছে।
বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে স্বয়ং ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে যেতিয়া নামনি সোৱণশিৰি নদীবান্ধটো বিপদজনক বুলি নিশ্চিত কৰিছে তাৰপিছত অসম চৰকাৰ বা এন এইচ পি চি কৰ্তৃপক্ষৰ আভুৱা ভৰা কথাৰ মূল্য নাই। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্পষ্ট কথা নামনি সোৱণশিৰি নদীবান্ধৰ নামনিত অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান নকৰা পৰ্যন্ত নদীবান্ধৰ উৎপাদন আৰম্ভ কৰিবলৈ দিয়া নহ'ব।