/asomiyapratidin/media/media_files/2025/08/13/92-2025-08-13-20-43-08.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে- ফুটুকাৰে বাঢ়ি আহিছে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জৰাসৰ নদী আৰু জীয়াভৰলী নদী ৷ নদী দুখনৰ বাঢ়নি পানীয়ে ৰাইজৰ ঘৰৰ চোতাল আৰু পথসমূহো ডুবাই ৰাখিছে ৷
নদী দুখনৰ বাঢ়নি পানীয়ে দাঁতিকাষৰীয়া গাঁওসমূহৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰাৰ খবৰ পাই সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই বুধবাৰে জলসম্পদ বিভাগৰ বিষয়া আৰু ৰাজহচক্ৰ বিষয়ক লগত লৈ অঞ্চল দুটা পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ বিধায়ক হাজৰিকাই জামুগুৰিহাটৰ চামধৰাৰ বজাৰ গাঁৱত জীয়াভৰলী নদীৰ পানী সোমোৱা ঘৰসমূহৰ পদুলিত উপস্থিত হৈ সকলো আশংকা দুৰ কৰাৰ আশ্বাস প্ৰদান কৰি আধুনিক জিঅ টিউৱ পদ্ধতিৰে বাঢ়নি পানী ৰোধ কৰা হব বুলি কয় ৷
বিধায়কগৰাকীয়ে কয় যে, বালিপৰাৰ জৰাসৰ নদীৰ বাঢ়নি পানী ও গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ টিউৱৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে এই জিঅটিবৰ মাজেৰেই পানী পাৰ হোৱাত দিঘলী আৰু উদমাৰী গাঁও দুখনৰ ৰাইজৰ মাজত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে যদিও বিভাগীয় বিষয়া কৰ্ম্মচাৰীসকলক এই সমস্যা দূৰ কৰিবলৈ নিৰ্দ্দেশ দিয়া হৈছে ৷
জামুগুৰিহাটৰ ছিলাবন্ধা গাঁও পঞ্চায়ত এলেকাৰ চামধৰা বজাৰ গাঁৱৰ বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াই পঞ্চায়ত সভাপতি জয়ন্ত বৰাৰ নেতৃত্বত আঞ্চলিক সদস্যা আৰু ৱাৰ্ড সদস্য - সদস্যাসকলে ৷