অসমৰ বয়ন শিল্পক লৈ বহিঃৰাজ্যৰ বিৰুদ্ধে যুঁজ দিছে গান্ধীবস্তিৰ দেৱাসূতিয়ে...

অসমৰ বয়ন শিল্প জগতখনলৈ বহিঃৰাজ্যই এক দুষ্ট চক্ৰই শেহতীয়াকৈ এক ভয়ংকৰ ভাবুকি কঢ়িয়াই অনাৰ কথা আমি প্ৰায়ে আলোচনা কৰো। অসমৰ গামোছাৰ পৰা আদি কৰি ভিন্ন জাতীয় সাজপাৰক বিকৃত কৰি মেচিনেৰে

New Update
ujjj

ডিজিটেল ডেস্কঃ অসমৰ বয়ন শিল্প জগতখনলৈ বহিঃৰাজ্যই এক দুষ্ট চক্ৰই শেহতীয়াকৈ এক ভয়ংকৰ ভাবুকি কঢ়িয়াই অনাৰ কথা আমি প্ৰায়ে আলোচনা কৰো। অসমৰ গামোচাৰ পৰা আদি কৰি ভিন্ন জাতীয় সাজপাৰক বিকৃত কৰি মেচিনেৰে প্ৰস্তুত কৰা এই কাপোৰবোৰ কম দামতে বজাৰত এৰি দিয়াৰ বাবে থলুৱা বয়ন শিল্পৰ সৈতে জড়িত লোকসকলৰ জীৱনলৈও অমানিশা নমাই আনিছে।

ad6ad32b-f41f-4835-9719-a8fa01a5e7b4

দাম কম হ'লেও বহিঃৰাজ্যৰ এই কাপোৰবোৰত নাই থলুৱা তাঁতশালৰ সেই সুৱাস আৰু সৌন্দৰ্য। আমি বহুতে এই কথা উপলদ্ধি কৰো যদিও সৰহ সংখ্যকেই মূল্য কম হোৱাৰ বাবে বহিঃৰাজ্যৰ কাপোৰবোৰকে আকোৱালি লোৱাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে। 

5ed4a1cd-4b3f-4db9-992e-598543d36aeb

প্ৰত্যাহ্বানমূলক এই সময়ত এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ গান্ধিবস্তিৰ দেৱাসূতি সুভাশীষ বৰুৱা নাম উদ্যমী মহিলাগৰাকীয়ে। তাঁতশালত কাপোৰ বৈ অসমীয়া কাপোৰৰ যি সৌন্দৰ্য আৰু সুৱাস তাক ধৰি ৰাখি থলুৱা সাজ-পাৰ বিক্ৰীৰ বাবে এখন সংগ্ৰাম আৰম্ভ কৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা সাক্ষাতকাৰত তেওঁ কয় যে, এই বজাৰখনত যথেষ্ট প্ৰত্যাহ্বান আছে। মেচিনত প্ৰস্তুত কৰা কাপোৰ আৰু তাঁতশালত বোৱা কাপোৰৰ মাজত বহুতে এতিয়াও পাৰ্থক্য বুজি নাপায়। সাধাৰণে মেচিনত বোৱা কাপোৰতকৈ তাঁত শালত বোৱাৰ কাপোৰৰ কোৱালিটিৰ বাবে দাম বেছি হয়। তাক লৈও একাংশই অসন্তুষ্টি প্ৰকাশ কৰাৰ কথা আমাক সদৰি কৰে দেৱাসূতি বৰুৱাই।

538077fa-5ab2-42ee-a9da-8b84e9870ce5

তথাপিও তেওঁ কয় যে, নন্দিনীত তেওঁ প্ৰথমৰ পৰাই বিপনী দি আহিছে। ইয়াত গ্ৰাহকৰ সমাদৰ ভাল পোৱাৰ বাবেই প্ৰতিবাৰে তেওঁ আহে। নন্দিনীলৈ অহা লোকসকলে কেতিয়াবা কাপোৰ ক্ৰয় নকৰিলেও থলুৱা উদ্যোগটোক লৈ তেওঁ কৰি থকা কামৰ যথেষ্ট প্ৰশাংসা কৰে। এনেবোৰৰ পৰা তেওঁ যথেষ্ট সাহস পোৱাৰ কথা আমাৰ আগত সদৰি কৰে।

এৰি,মুগা, পাটৰ সকলো থলুৱা সাজ-পাৰ তথা মেখেলা-চাদৰ দেৱাসূতিয়ে নিজেই ডিজাইন কৰে। তাঁত শালত এযোৰ কাপোৰ বৈ উলিওৱাৰ লৈকে সকলোখিনি কাম তেওঁ নিজেই তদাৰক কৰে। সেয়েহে তেওঁৰ কাপোৰ যিয়ে এবাৰ ক্ৰয় কৰিছে, তেওঁ কোনো আপত্তি নকৰে বুলিও কয়।

ৰাজ্যৰ থলুৱা বয়নশিল্পৰ বিৰুদ্ধে বহিঃৰাজ্যৰ এই অপশক্তিৰ বিৰুদ্ধে সকলোৱে একেলগে যুজাঁৰ মানসিকতাৰ কথাও উল্লেখ কৰে উদ্যমী মহিলাগৰাকীয়ে। তাঁতশালৰ প্ৰতিগৰাকী শিপিনীৰ কষ্টৰ মূল্য আমি সকলোৱে দিবলৈ শিকিব লাগিব বুলিও ব্যক্ত কৰে দেৱাসূতি বৰুৱাই।

0e690bce-5d6c-4cac-9873-1eda87093f50

নন্দিনী