বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংকল্প : দেৱালীত ব্যৱহাৰ নকৰে আতচবাজী

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ বেদনাত শোকাকুল ৰাইজক এই বৰ্ষত বিশেষকৈ কোনো ধৰণৰ আতচবাজী ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হাতে হাতে ধৰি আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
545

ডিজিটেল সংবাদ, বোকাখাত : শুকুৰবাৰে বোকাখাত জাতীয় বিদ্যালয়ৰ বকুলতলত প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই বৰ্ষৰ বাবেই নহয় পূৰ্বৰ দৰে ভবিষ্যতলৈ ঐক্যবদ্ধ হৈ পৰিবেশ বিৰোধী ফটকা,বোমা-বাৰুদৰ পৰা বিৰত থকাৰ সংকল্প গ্ৰহণ কৰে‌। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ বেদনাত শোকাকুল ৰাইজক এই বৰ্ষত বিশেষকৈ কোনো ধৰণৰ আতচবাজী ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হাতে হাতে ধৰি আহ্বান জনায়।

উল্লেখযোগ্য যে ইতিমধ্যে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো জুবিনৰ ন্যায়ৰ প্ৰসংগতো বিশেষভাৱে চৰ্চিত হৈ আছে। লগতে বৰপেটাৰ থলুৱা আতচবাজী সমবায় সমিতিক এই বৰ্ষত চৰকাৰে বিশেষ ৰাজসাহাৰ্যৰে সকাহ দি ভবিষ্যতৰ বিকল্পৰ সন্ধান দি জীৱন জীবিকাৰ নিৰাপত্তা দিয়াৰ দাবীৰে সকলোকে দৃষ্টি আকৰ্ষণ কৰি সংকল্প পাঠৰ মাজতে প্ৰস্তাৱ আগবঢ়ায়।

এই সংকল্পৰ অভিযান মহুৰামুখ জাতীয় বিদ্যালয় , ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ওপৰিও ছাত্ৰ -ছাত্ৰীসকলে নিজ নিজ গাঁও অঞ্চল সমূহলৈ আগবঢ়াই লৈ যোৱাৰো‌ সংকল্প গ্ৰহণ কৰে।

দেৱালী