/asomiyapratidin/media/media_files/2025/09/16/362-2025-09-16-14-39-52.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ বিভিন্ন জিলাৰ খণ্ড সমল ব্যক্তি সকলৰ সংগঠিত মঞ্চ সদৌ অসম খণ্ড সমল ব্যক্তি ফ'ৰামে (বি আৰ পি এফ) যোৱা ১০ ছেপ্তেম্বৰত "গুণোৎসৱ-২০২৫"ৰ ফলাফলৰ আধাৰত প্ৰস্তুত এক গৱেষণাপত্ৰ ৰাজ্য চৰকাৰৰ হাতত অর্পণ কৰে। এই উপলক্ষত জনতা ভৱনস্থিত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত বি আৰ পি ফ'ৰামৰ কেন্দ্ৰীয় সভাপতি মুকুল সুত আৰু সাধাৰণ সম্পাদক পুণ্যব্রত বৰদলৈয়ে আনুষ্ঠানিকভাৱে শিক্ষামন্ত্রীগৰাকীক গৱেষণাপত্ৰখন প্ৰদান কৰে।
ৰাজ্যখনৰ বি আৰ পিসকলে চলিত বৰ্ষৰ গুণোৎসৱত "চি” আৰু "ডি” গ্রেড প্রাপ্ত ২১২খন বিদ্যালয় আৰু ১০৬০ গৰাকী শিক্ষার্থীক সামৰি চলোৱা ক্ষেত্রভিত্তিক সমীক্ষাযুক্ত গৱেষণাপত্ৰখন গ্ৰহণ কৰি কৰা আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী পেগুৱে প্রতিবেদনত প্রাপ্ত ফলাফলৰ ভিত্তিক শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ গুণ আৰু মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ডাঃ পেগুৱে খণ্ড সমল ব্যক্তিসকলক বিদ্যালয়সমূহত সঠিক স্তৰত পাঠদান (Teaching at the Right Level) পদ্ধতিৰ সফল প্রয়োগেৰে যাতে প্রাথমিক স্তৰৰ পৰা প্ৰতিগৰাকী শিক্ষার্থী আৰু প্ৰতিখন বিদ্যালয়ৰ উৎকৰ্ষ সাধন কৰিব পাৰি, সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ "ব্ৰেণ্ড এম্বেচাডৰ" হিচাপে অধিক দৃঢ়তাৰে সেৱাকাৰ্যত অগ্ৰসৰ হোৱাৰ আহ্বান জনায়।
মন্ত্ৰী পেগুৱে খণ্ড সমল ব্যক্তিসকলে ৰাজ্যৰ প্ৰাথমিক স্তৰৰ শিক্ষা খণ্ডত প্রাথমিক তথা উচ্চ প্রাথমিক পৰ্যায়ৰ লগতে মাধ্যমিক স্তৰত বিদ্যাৰ্থীসকলৰ সাৰ্বজনীন উত্তৰণৰ বাবে আগবঢ়াই অহা সেৱাৰ শলাগ লয়। তাৰোপৰি অনাগত দিনত আৰু অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ উদগণি যোগায়।
মন্ত্ৰী গৰাকীয়ে "A Retrospective Analysis of the factors contributing to schools achieving C and D Grades in Gunotsav 2025 in Assam: Prospects and Solutions for Upgradation to A+" শীর্ষক ফ'ৰামৰ গৱেষণাপত্ৰখনত উল্লেখ কৰা বাস্তৱিক সমস্যা, ইয়াৰ সমাধান বিশিষ্ট পৰামৰ্শসমূহ অধ্যয়ন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণৰ নিশ্চয়তা প্রদান কৰে।
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতিৰ লগতে, উপ সঞ্চালিকা ড০ জোৱাহিৰা তাবাচ্ছুম, সমগ্র শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্ত, সমগ্ৰ শিক্ষাৰ ৰাজ্যিক আঁচনি বিষয়া (শিক্ষক-প্রশিক্ষণ) ৰেৱতী মোহন কাকতি, ফ'ৰামৰ কেইবা গৰাকীও কাৰ্যনিৰ্বাহক সদস্য-সদস্যা, ফ'ৰামৰ বিভিন্ন জিলা প্রতিনিধিসকল উপস্থিত থকা অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে প্রাথমিক স্তৰৰ শিক্ষার্থীৰ শৈক্ষিক উত্তৰণৰ মূল চাবিকাঠি শ্রবণ, পঠন, কথন আৰু লিখন বুলি অভিহিত কৰি ৰাজ্যৰ প্ৰতিগৰাকী প্ৰাথমিক আৰু মজলীয়া স্তৰৰ বিদ্যাৰ্থীক এই চাৰিওটা কৌশল আয়ত্ব কৰোৱাবলৈ উৎস্বৰ্গিত মনোভাৱ গ্ৰহণ কৰাৰ বাবে বি আৰ পি সকলক আহ্বান জনায়। আনহাতে, বুনিয়াদী স্তৰতে গণিত বিষয়ত শিক্ষার্থী সকলৰ পৰিসাংখ্যিক জ্ঞানৰ লগতে যোগ-বিয়োগ, পূৰণ-হৰণৰ ধাৰণা সলসলিয়াকৈ আয়ত্ব কৰোৱালৈ যথোচিত গুৰুত্ব প্ৰদান প্ৰয়োজনীয়তাও দোহাৰে মন্ত্ৰী ডাঃ পেগুৱে ।
অনুষ্ঠানত ৰাজ্যৰ প্রাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতিয়ে খণ্ড সমল ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ জৰিয়তে সকলো শিক্ষক-শিক্ষয়িত্রীক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাবিকা সকলৰ লগত সুসম্পর্ক গঢ়ি তুলিবলৈ আহ্বান জনায়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগিন বিকাশত সহায়ক হ'ব বুলি মত পোষণ কৰে। সেনাপতিয়ে ছাত্র-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ ধাউতি জগাই তুলিবলৈ বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি তাৰ পৰা অৰ্জনকৰা জ্ঞানৰ সম্বন্ধে টোকা লিখিবলৈ তথা গ্রন্থ সমীক্ষা কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলৈ বি আৰ পি সকলৰ জৰিয়তে শিক্ষাগুৰু সকললৈ আহ্বান জনায়।
মনোজ্ঞ অনুষ্ঠানতে বৰপেটা জিলাৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে "এফ এল এন"ৰ ওপৰত প্ৰস্তুত এটা ৱেবচাইটো শুভউন্মোচন কৰা হয়।