/asomiyapratidin/media/media_files/2025/11/29/1-2025-11-29-14-10-44.jpg)
ডিজিটেল ডেস্কঃ আজি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীগোটৰ প্রতিবেদন বিধানসভাত দাখিল কৰা হ'ব। শুকুৰবাৰে বিধানসভাত এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কীয় এই প্রতিবেদনে চাহ জনগোষ্ঠী আৰু আদিবাসীসকললৈ ভাল খবৰ কঢ়িয়াই আনিব বুলিও আশা প্রকাশ কৰে।
উল্লেখযোগ্য যে, ৰাজ্যত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রী গোটে বুধবাৰে ৰাজ্যিক মন্ত্রীসভাত প্রতিবেদন দাখিল কৰিছিল। মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে এই প্রতিবেদনখনক মন্ত্রীসভাই অনুমোদন দিছে বুলি সংবাদমেলক অবগত কৰিছিল।
ড° শৰ্মাই এই সন্দৰ্ভত কয় যে, এই প্রতিবেদনে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিব পাৰিব। জনজাতি পৰিক্ৰমা বিভাগে ইয়াৰ পাছত এই প্রতিবেদন অসম বিধানসভালৈ প্ৰেৰণ কৰে আৰু অধ্যক্ষৰ অনুমতি সাপেক্ষে প্রতিবেদনখন আজি বিধানসভাত দাখিল কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us