বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ নকৰাটো দুৰ্ভাগ্যজনকঃ অজাপ

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাই নাই বুলি অসম বিধান সভাত তথ্য উন্মোচিত হোৱা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। 

author-image
Asomiya Pratidin
New Update
TE45RERERER

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাই নাই বুলি অসম বিধান সভাত তথ্য উন্মোচিত হোৱা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। 

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, যে বিজেপি চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা, কমিটীৰ প্ৰতিবেদনক লৈ যে ইমান দিনে লুকাভাকু খেলি আছিল, সেয়া স্পষ্ট হৈ গ'ল। চৰকাৰৰ এনে কাৰ্য্য অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী।

নেতাদ্বয়ে লগতে উল্লেখ কৰে যে, অসম চুক্তিৰ ৬নং দফাত খিলঞ্জীয়া অসমীয়া মানুহৰ সাংবিধানিক, ন্যায়িক আৰু প্ৰশাসনিক সুৰক্ষা নিশ্চিত কৰিবলৈ কোৱা হৈছিল। তাৰ বাবে লোকসভা আৰু বিধানসভা তথা নিগম-নিকায়লৈকে অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ, কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ চাকৰিত অসমীয়া যুৱক-যুৱতীৰ বাবে আসন সংৰক্ষণ, ব্যক্তিগত খণ্ডৰ চাকৰিতো সংৰক্ষণ আদি কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰিবলৈ বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে পৰামৰ্শ আগবঢ়াইছিল। পৰামৰ্শসমূহ ৰূপায়নৰ বাবে যিহেতু দেশৰ সংসদৰ অনুমোদনৰ প্ৰয়োজন, সেয়ে সেইসমূহ ৰূপায়নৰ দায়িত্ব আছিল কেন্দ্ৰীয় চৰকাৰৰ। বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সেয়া হস্তান্তৰ কৰিবলৈ সময় বিচাৰি বাৰে বাৰে বিফল হোৱাৰ পাছত তেওঁলোকে প্ৰতিবেদনখন অসম চৰকাৰৰ ওচৰত দাখিল কৰে। কিন্তু সেই প্ৰতিবেদনখন আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ প্ৰেৰণেই নকৰিলে ৰাজ্য চৰকাৰে। ইয়াৰে পৰাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰতি আন্তৰিকতা কিমান আছে, সেয়া প্ৰকাশ পায়।

অসমৰ বিজেপি চৰকাৰৰ এনে জাতিবিদ্বেষী কাৰ্য্যৰ বাবে আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলিও উল্লেখ কৰে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই।

অসম জাতীয় পৰিষদ