কঠীয়াতলীৰ কৃতি শিক্ষক মদন চন্দ্ৰ বৰা আৰু নাই

জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত মদন চন্দ্ৰ বৰা (৬৫)ৰ শুকুৰবাৰে পুৱা নগাঁও এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে

author-image
Asomiya Pratidin
New Update
109

ডিজিটেল সংবাদ, কামপুৰ : জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত মদন চন্দ্ৰ বৰা (৬৫)ৰ শুকুৰবাৰে পুৱা নগাঁও এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। নগাঁও জিলা   হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি ,জুমুৰমুৰ আঞ্চলিক খেল পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি ,চি পি আই এমৰ বৰ্তমানৰ নগাঁও জিলাৰ সম্পাদক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি ,নিজ কঠিয়াতলী শাখা সাহিত্য সভাৰ আজীৱন সভ্য , নগাঁও তথা কঠিয়াতলী অঞ্চলটোৰ বিভিন্ন সামাজিক ,শৈক্ষিক ,ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত মদন চন্দ্ৰ বৰাৰ মৃত্যুৰ বাতৰি জিলাখনত বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰে।

Advertisment

একেদৰে শৈক্ষিক সমাজখনৰ লগতে ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰখনৰ উপৰি শুভাকাংক্ষী ৰাইজে শোক প্ৰকাশ কৰে ।আজি পুৱা শিক্ষকগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা ,কৰ্মচাৰী পৰিষদৰ শিক্ষক- কৰ্মচাৰীসকল চিকিৎসালয়ত উপস্থিত হৈ কৃতি শিক্ষকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু তেখেতৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা পোনে পোনে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ শিক্ষা ভৱনলৈ লৈ যোৱা হয়।

শিক্ষা ভৱনত শ শ শিক্ষক কৰ্মচাৰীৰ উপস্থিতত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ হৈ জিলা সভাপতি বাপধন নাথ , উপদেষ্টা ৰঞ্জিত শইকীয়া, সম্পাদক যগেশ্বৰ ৰাজখোৱা, পৰীক্ষা পৰিষদৰ সভাপতি উৎপল বৰা ,সম্পাদক বকুল নাথ ,প্ৰচাৰ সম্পাদক প্ৰদ্যুম্ন বৰা , সংস্থাৰ প্ৰাক্তন জিলা সভাপতি জীৱন চন্দ্ৰ বৰা ,ৰাজ্যিক  সদস্য ৰাতুল বৰা, সমাজকৰ্মী শিক্ষক শ্যাম তাছাকে ধৰি বিষয়ববীয়া তথা শিক্ষাগুৰুসকলে কৃতি শিক্ষক গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু সমাজকৰ্মী গৰাকীৰ মৃত্যুত সমাজে এজন কৰ্মদক্ষ ব্যক্তিক হেৰুৱালে বুলি মন্তব্য কৰে ।

ইয়াৰ পিছতে শিক্ষাগুৰুগৰাকীৰ মৃতদেহ প্ৰতিষ্ঠা কালৰে পৰা সেৱা আগবঢ়োৱা ২০২০ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা জুমুৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুললৈ অনা হয় আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়ন্ত বৰা সমন্বিতে শিক্ষক ছাত্ৰ ছাত্ৰী সকলে প্ৰয়াত শিক্ষকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।  শিক্ষকগৰাকীৰ মৃতদেহ জুমুৰমুৰ নিজগৃহলৈ অনাৰ লগে লগে সমবেত হৈ থকা অঞ্চলটোৰ ৰাইজ আৰু পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে।

অঞ্চলটোৰ এগৰাকী সহজ সৰল ,শিক্ষানুৰাগী ,কৰ্মদক্ষ,ধৰ্মপৰায়ণ ,মিচিকিয়া হাঁহিৰে সকলোৰে অন্তৰ জয় কৰা বৈকুণ্ঠগামী প্ৰয়াত বৰাক তেখেতে শৈক্ষিক সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে জিলাখনৰ কৃতি শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল । যোৱা কেইদিনমান পূৰ্বে শিক্ষক গৰাকী হঠাৎ অসুস্থ হৈ পৰাত নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

মধুমেহ,যকৃত ,শ্বাস- প্রশ্বাস আদি বিভিন্ন বেমাৰত আক্রান্ত মদন চন্দ্ৰ বৰা বৃহস্পতিবাৰৰে পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পাছত আজি শিক্ষকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা, অসম বৈদিক সমাজৰ হৈ সম্পাদক  মন্টো  বৰাকে ধৰি  বিষয়ববীয়া ,নিজ কঠিয়াতলী শাখা সাহিত্য সভা ,কামপুৰৰ  সামাজিক অনুষ্ঠান ৰামধেনু  গোষ্ঠী ,কঠিয়াতলী ,জুমুৰমুৰ অঞ্চলৰ ৰাইজ আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

মৃত্যুৰ সময়ত প্ৰয়াত বৰাই পত্নীসহ এগৰাকী পুত্ৰ, দুই কন্যা সন্তান জী জোঁৱাই ,নাতি নাতিনী ইহসংসাৰত এৰি থৈ যায় ।

শিক্ষক