/asomiyapratidin/media/media_files/2025/09/08/288-2025-09-08-12-10-21.jpg)
ডিজিটেল ডেস্ক : ধন সৰবৰাহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মানকৰণৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অনলাইন পৰ্টেল ফৰ মিউচুৱেল লিগেল এচিষ্টেন্স চমুকৈ এম এল এৰ প্ৰচেষ্টাক ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চে এক প্ৰতিবেদনৰ জৰিয়তে শলাগ লৈছে। প্ৰতিবেদনত এম এল এৰ প্ৰচেষ্টাক ‘শ্ৰেষ্ঠ পদ্ধতি’ বুলি অভিহিত কৰিছে প্ৰতিষ্ঠানটোৱে।
উল্লেখযোগ্য যে, প্ৰতিষ্ঠানটোৱে ডাৰ্কনেট ভিত্তিক ফেণ্টানাইল ছিণ্ডিকেটৰ ওপৰত ইডিৰ তদন্তৰ উল্লেখ কৰি যৌথ তদন্তৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে ইডি আৰু আমেৰিকাৰ ন্যায় বিভাগৰ যৌথ তদন্তৰ ফলত ভাৰ্চুৱেল সম্পত্তিৰ জৰিয়তে উপাৰ্জন সৰবৰাহ কৰা এটা বৃহৎ সংস্থাৰ ৰেকৰ্ড ভংগ কৰা বুলি উল্লেখ কৰে ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চে ।