/asomiyapratidin/media/media_files/2025/12/04/398-2025-12-04-20-29-58.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : গুৰুজনাৰ হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে বৈকুণ্ঠপুৰীত পৰিণত হ'ল উৰিষ্যাৰ পুৰীৰ নামঘৰ। শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ (পুৰী প্ৰকল্পৰ)ৰ সৌজন্যত পুৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰত ৩ আৰু ৪ ডিচেম্বৰ দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয় পুৰী মহোৎসৱ ২০২৫।
৩ ডিচেম্বৰৰ পুৱা ৫-০০ বজাত ববপেটাৰ চম্বক দাসৰ জাগৰণ গীত পৰিবেশনৰে কাৰ্যসুচীৰে আৰম্ভণি ঘটে । ৮-০০ বজাত পুৱাৰ প্ৰসংগ। গুৰি ধৰে সত্ৰীয়া সংস্কৃতিৰ ওজা তথা সংগীত নাটৰ একাডেমী বঁটাপ্ৰাপক গুনীন্দ্ৰ নাথ ওজাই ।
৯-০০ বজাত নামঘৰৰ পৰা জগন্নাথ মন্দিৰলৈ ভাগৱত যাত্ৰাত হৰিনাম কীৰ্তনেৰে মুখৰিত হয় । ভাগৱত শিৰত লয় অসমৰ দৰং জিলাৰ ঔতলা সত্ৰৰ শৰণাচাৰ্য বাবুল ডেকাই। এই ভাগৱত যাত্ৰা শুভাৰম্ভ কৰে ওদালগুৰিৰ শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ শৰণাচাৰ্য বিমল ভকত বাপে।
ইয়াৰ পিছত আইসকল - বাপসকলে থিয়নাম পৰিবেশন কৰে। দিনৰ ১২-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা। শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজৰ সভানেত্ৰী কনিকা পাঠক আইৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বৰগীত পৰিবেশন কৰে বৰপেটাৰ মৃণান্তিকা দাসে।
বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে পুৰীৰ সুৰজমল সাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু। উক্ত সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিবেকানন্দ ৰায় চৌধৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহন কৰে শ্ৰীজগন্নাথ সংস্কৃতিৰ গবেষক বাণী ভুষণ শাস্ত্ৰীয়ে।
ইয়াৰ লগতে কেবাজনে বিশিষ্ট লোকে আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহন কৰে। সন্ধিয়া সত্ৰীয়া কৃষ্টি পৰিবেশন কৰে পুৰীৰ স্থানীয় আৰু অসমৰ পৰা অহা শিল্পীসকলে। সাংস্কৃতিক অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ন দেৱগোস্বামী বাপে।
আনহাতে বৃহস্পতিবাৰে পুৱা জাগৰণ গীত পৰিবেশন কৰে শৰণাচাৰ্য বিমল ভকত বাপে। ৮ -০০ বজাত আইসকলৰ প্ৰসংগ অনুষ্ঠিত হয় । ৮-৩০ বজাত পুৱাৰ প্ৰসংগৰ গুৰি ধৰে শৰণাচাৰ্য বীৰেন্দ্ৰ নাথ পাঠক বাপে।
পুৱা ৯-০০ বজাৰ পৰা আৰম্ভ হয় পালনাম ভাগ। পালনামৰ মুখ্য পাঠক হিচাপে আগবঢ়াই নিয়ে গুৱাহাটীৰ সাৰংগ পানী বাপে। সত্ৰীয়া সংগীতৰ সাধক তথা সু পাঠক ৰবিন দাস,সংগীত একাডেমী বটা পাঠক তথা সুকন্ঠী পাঠক গুনীন্দ্ৰ নাথ ওজা, বৰপেটাৰ যুৱ তথা সু কন্ঠৰ পাঠক নিৰ্মল পাঠক ,পুৰী প্ৰকল্প পৰিচানা সমিতিৰ সম্পাদক বীৰেন বাপ, হৰিশিঙা সত্ৰৰ পাঠক অনিৰুদ্ধ ভৰালী বাপ আৰু ওদালগুৰিৰ শ্ৰীমন্ত শংকৰ দেৱ সত্ৰৰ সত্ৰাধিকাৰৰ লগতে অসমৰ কেবাখনো সত্ৰ নামঘৰৰ পৰা অহা ভকতসকলৰ উপস্থিতিত পালনাম ভাগে এক বিশেষ মাত্ৰা লাভ কৰে। পুৰী প্ৰকল্পৰ সভানেত্ৰী আইগৰাকীৰ লগতে কেইগৰাকী বিষয়ববীয়াই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us