/asomiyapratidin/media/media_files/2026/03/01/196-2026-03-01-17-28-14.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ বাবে এটা শুভদিন । এটা অত্যাধুনিক সা- সুবিধাবিশিষ্ট সংমণ্ডল কাৰ্য্যালয়ৰ অভাৱত ভুগী থকা গুৰুত্বপূৰ্ণ বিভাগটোলৈ শুভ সংবাদ কঢ়িয়াই আনিলে বিধায়ক নৱ দলেয়ে ।
ৰাজ্য চৰকাৰৰ এছ অ পি ডি জি শিতানৰ প্ৰায় ২ কোটি ৯৭ লাখ ৪২ হাজাৰ অনুমোদন কৰাৰ পাছত দেওবাৰে বিয়লি এই কাৰ্য্যালয়ৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নৱ দলেয়ে । সংমণ্ডল কাৰ্য্যালয়ৰ চৌহদত এক মাংগলিক পৰিবেশত কাৰ্য্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-03-2026-03-01-17-10-58.jpeg)
এই সন্দৰ্ভত সংমণ্ডল কাৰ্য্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় এক অনুষ্ঠান। সংমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা দিব্য জ্যোতি চাংমাই, সহকাৰী অভিযন্তা অনিৰ্বাণ ফুকন, মুখ্য সহায়ক মৃদুল ফুকন, জ্যেষ্ঠ সহায়ক হীৰা দত্ত , লেবৰেটৰি ইনচার্জ মৃদু পৱন গগৈ , লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনীয়া বৰগোঁহাই ,সমজিলা আয়ুক্ত অপূৰ্ব নাথ , ঘিলামৰা আৰু ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ছন্দেশ্বৰ গগৈ আৰু প্ৰণৱ পেগু,বিজেপি নেতা হিৰণ্য হাজৰিকা আদি গৰিষ্ঠ সংখ্যক ৰাইজ আৰু সমূহ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
এই সন্দৰ্ভত অনুষ্ঠিত গম্ভীৰ্যপূৰ্ণ সভাত বিধায়ক গৰাকীয়ে চমু বক্তব্য আগবঢ়াই নিৰ্মাণ কাৰ্য সঠিকভাৱে সম্পন্ন কৰাত সচেতন ৰাইজৰ তীক্ষ্ণ দৃষ্টি কামনা কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us