/asomiyapratidin/media/media_files/2025/12/11/1-2025-12-11-23-14-09.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয় ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু। ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ড০ পুনিত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীর্ষ বিষয়াই আদৰণি জনায়।
শ্রীমতী মুর্মু বিমান বন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুং পল' খেলপথাৰত পল' খেল উপভোগ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে ইম্ফলৰ চিটা কনভেন্সন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত অংশ লয়।
উল্লেখ্য যে, কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলত থকা নুপি লাল স্মাৰক পৰিসৰ পৰিদৰ্শন কৰিব আৰু ৰাজ্যখনলৈ ঐতিহাসিক অবদান আগবঢ়োৱা সাহসী মহিলা যোদ্ধাসকলৰ প্ৰতি সন্মান যাঁচিব। ইয়াৰ পাছত তেওঁ সেনাপতিত এখন জনসভা সম্বোধন কৰিব আৰু জিলাখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ বিভিন্ন আধাৰশিলা স্থাপন কৰাৰ লগতে প্রকল্প মুকলি কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us