/asomiyapratidin/media/media_files/2025/08/07/32-2025-08-07-10-05-26.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অৱশেষত সকলো জল্পনা -কল্পনাৰ অন্ত পেলাই বিজেপিয়ে গঠন কৰিলে কাছাৰ জিলা পৰিষদ। সভাপতি আৰু উপ সভাপতি পদৰ বাবে একাধিক প্ৰাৰ্থী থিয় হোৱাত শেষত গোপন বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচিত অনুষ্ঠিত কৰা হয়।
মুঠ ২৫টা ভোটৰ ভিতৰত ১৭ টাকৈ ভোট লাভ কৰি ক্ৰমে সভাপতি নিৰ্বাচিত হয় জ্যেষ্ঠ বিজেপি নেতা কংকন নাৰায়ণ ছিকদাৰ আৰু উপ সভাপতি দেৱজ্যোতি বাউৰী। সভাপতি পদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ ৮ টা ভোট লাভ কৰে কংগ্ৰেছৰ ত্ৰয়োবাছি দাসে।
কাছাৰ জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত কাছাৰ জিলাৰ পৰা জয়ী হোৱা বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় মুঠ ২৫ গৰাকী জিলা পৰিষদৰ সদস্যক প্ৰথমে শপত পাঠ কৰোৱা হয়। জিলা আয়ুক্ত মৃদুল যাদৱে সদস্যসকলক শপত পাঠ কৰোৱায়।
ইয়াৰ পিছতে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাছন অনুষ্ঠিত হয়। সভাপতি আৰু সহ সভাপতি হিচাপে নিৰ্বাচিত কংকণ নাৰায়ণ ছিকদাৰ আৰু দেৱজ্যোতি বাউৰীক উষ্ণ আদৰণি জনাই মন্ত্ৰী কৌশিক ৰাইসহ জিলাৰ আটাইকেইজন দলীয় বিধায়কে।
উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচত বিজেপিয়ে ২৫ খন আসনৰ ভিতৰত ১৬ খন আসন লাভেৰে সংখ্যাগৰিষ্ঠতা কৰিছিল। কংগ্ৰেছ ৭ খন আৰু নিৰ্দলীয় প্ৰাৰ্থয়ে ২ খন আসন লাভ কৰিছিল। কিন্তু জিলা পৰিষদ গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত বিজেপিয়ে ১৭ টা ভোট লাভ কৰে।
অতিৰিক্ত এই ভোটটো কংগ্ৰেছ নাইবা নিৰ্দল প্ৰাৰ্থী এজনে বিজেপিৰ পক্ষত ভোট দিয়ে। এই সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ে মন্তব্য কৰে যে , যি গৰাকী বিৰোধী সদস্যই বিজেপিৰ পক্ষত ভোট দিছে, তেওঁ উনন্নয়ণৰ স্বাৰ্থতে বিজেপিক সমৰ্থন কৰিছে। তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
তেওঁ আৰু কয়- "১৬ টা ভোট লাভেৰে আমি জিলা পৰিষদ গঠন কৰিম বুলি আহিছিলো। কিন্তু শেষত ১৭ টা ভোট লাভ কৰিলো। এয়া মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে কৰি অহা উন্নয়নৰ ফল। "