নগাঁও জিলাত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন খেলপথাৰ সাজু কৰি তোলা হৈছে

author-image
Asomiya Pratidin
New Update
89

ডিজিটেল সংবাদ, নগাঁও : ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস লৈ মাজত মাত্ৰ ১ টা দিন বাকী । সেয়ে অন্যান্য জিলাৰ লগতে নগাঁও জিলাতো স্বাধীনতা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

Advertisment

স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন খেলপথাৰ সাজু কৰি তোলা হৈছে। বুধবাৰৰ প্ৰতিকূল বতৰৰ মাজতো আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইডৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডৰ অন্তিম আখৰা সম্পূৰ্ণ কৰে ।

ইফালে, স্বাধীনতাৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা আৰক্ষী প্রশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । দিনে- নিশাই বিভিন্ন ঠাইত আৰক্ষীয়ে তালচী অভিযান চলাই থকা পৰিলক্ষিত হৈছে। প্ৰতিতো পথতে আৰক্ষীয়ে নাকা চেকিং লগোৱা আৰু ঠায়ে ঠায়ে আৰক্ষীৰ সঞ্চালন তথা তৎপৰতা বৃদ্ধি কৰি চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে।

স্বাধীনতা দিৱস নগাঁও