প্ৰতিশ্ৰুতি সম্পন্ন কবি নয়নমনি দাসলৈ প্ৰণৱ কুমাৰ বৰ্মন ৰাষ্ট্ৰীয় যুৱ বঁটা

এটা দশক ধৰি  নিৰন্তৰ কাব্য সাহিত্য সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি অহা নয়নমনি দাসৰ অতুল্য সাহিত্য সম্ভাৰৰ বাবে আগবঢ়োৱা হৈছে প্ৰণৱ কুমাৰ বৰ্মন ৰাষ্ট্ৰীয় যুৱ বঁটা ২০২৫।  

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: অসমীয়া কাব্য সাহিত্যৰ সুবিস্তৃত পৰিমণ্ডলৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কাব্য স্ৰষ্টা ঢকুৱাখনাৰ নয়নমনি দাস। এটা দশক ধৰি  নিৰন্তৰ কাব্য সাহিত্য সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি অহা নয়নমনি দাসৰ অতুল্য সাহিত্য সম্ভাৰৰ বাবে আগবঢ়োৱা হৈছে প্ৰণৱ কুমাৰ বৰ্মন ৰাষ্ট্ৰীয় যুৱ বঁটা ২০২৫।  

Advertisment

ৰাজ্যখনৰ ভাষা, কাব্য, সাহিত্যৰ ক্ষেত্ৰখনৰ লগতে সামাজিক দায়িত্ববোধ সম্পন্ন উৎসৰ্গিত ব্যক্তিৰ সামাজিক ,সাংস্কৃতিক সৃষ্টিশীলতাত মান্যতা প্ৰদানত গুৰুত্ব দি অহা "কাব্য ধ্বনি-অসম" ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই বৰেণ্য বঁটা ।

"কাব্য ধ্বনি -অসম" উদ্যোগত প্ৰতি বছৰে কবিতাৰ ক্ষেত্ৰখনক নিজস্ব মননশীল আৰু সুখপাঠ্য কবিতাৰ সৃষ্টিৰে জীপাল কৰি তোলা অনন্য অবদানৰ বাবে কবি, কাব্য সংগঠকলৈ ৰাষ্ট্ৰীয় ভাবে আগবঢ়োৱা এই যুৱ বঁটাৰ বাবে নিৰ্বাচিত কবি নয়নমনি দাসক অৱগত কৰিছে কাব্যধ্বনি অসম"ৰ সম্পাদক লক্ষী ফিল'বাৰীয়ে ।

শিক্ষয়িত্ৰীৰ দৰে পেছাগত প্ৰাত্যহিক ব্যস্ততাৰ মাজতো কাব্য সাহিত্যৰ ভঁৰাললৈ মেটমরা সম্ভাৰ আগবঢ়াই অহা ঢকুৱাখনাৰ হুজ গাঁওৰ বোৱাৰী নয়নমনি দাসলৈ আগবঢ়োৱা এই  স্বীকৃতিয়ে ঢকুৱাখনা কাব্য সাহিত্যৰ ক্ষেত্ৰখনক সমুজ্জল কৰি তুলিছে ।

উল্লেখযোগ্য যে অসম সাহিত্য সভা আৰু কাব্যধ্বনি ,অসমৰ ৰাষ্ট্ৰীয় কবি সন্মিলনখন অহা ১ আৰু ২ নৱেম্বৰত তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰিত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। তাতেই এই বঁটা প্ৰদান কৰা হব। 

অসমীয়া কাব্য সাহিত্য বঁটা