প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যাত্ৰাপথ সলনিৰ সম্ভাৱনা...

শনিবাৰে বিয়লিৰভাগত খানাপাৰা এলেকাত অহা ধুমুহা- বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে পানী জমা হৈছে। যাৰ পৰিপ্ৰেক্ষিত প্ৰধানমন্ত্ৰী মোদীৰ যাত্ৰাপথ সলনিৰ সম্ভাৱনাই দেখা দিছে। 

author-image
Asomiya Pratidin
New Update
338

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পিছে প্ৰধানমন্ত্ৰীগৰাকী অসমৰ মাটিত পদাৰ্পণ কৰাৰ প্ৰাকমূহূৰ্তত বতৰে লগাইছে অথন্তৰ। 

শনিবাৰে বিয়লিৰভাগত খানাপাৰা এলেকাত অহা ধুমুহা- বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে পানী জমা হৈছে। যাৰ পৰিপ্ৰেক্ষিত প্ৰধানমন্ত্ৰী মোদীৰ যাত্ৰাপথ সলনিৰ সম্ভাৱনাই দেখা দিছে। 

জানিব পৰা মতে যাত্ৰাপথ সলনি কৰি জালুকবাৰী- পাণবজাৰ- উলুবাৰী হৈ গন্তব্য স্থানলৈ যাব প্ৰধানমন্ত্ৰী মোডীসহ তেওঁ কনভয়। অৱশ্যে বাতৰি লিখা পৰ লৈকে তেওঁৰ যাত্ৰাপথ সলনি সম্পৰ্কত এতিয়াও আনুষ্ঠানিক তথ্য হাতত পৰা নাই।

নৰেন্দ্ৰ মোদী