পাটৰ কাপোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি অংকন প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰশিল্প দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান প্ৰদৰ্শন কৰিছে দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই

author-image
Asomiya Pratidin
New Update
42

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰশিল্প দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান প্ৰদৰ্শন কৰিছে দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি পাটৰ কাপোৰত অংকন কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰগৰাকীয়ে।

Advertisment

প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ এই কামক ভূয়সী প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ চিন্তা আৰু সৃষ্টিৰ শলাগ লোৱাৰ লগতে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ বস্ত্ৰ শিল্প, বিশেষকৈ পাট-মুগা বস্ত্ৰৰ সমাদৰ দেশ-বিদেশত নিশ্চিতকৈ বৃদ্ধি পাইছে৷ দেশৰ এগৰাকী প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই নিজস্ব ধৰণে কাম কৰি এই প্ৰসাৰত সহায়ৰ হাত আগবঢ়াই অহাৰ কথা আমি সময়ে সময়ে জানিবলৈ পাওঁ, যাক লৈ আমি সদায় গৌৰৱবোধ কৰোঁ ৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোদীলৈ সন্মান জনাই তেওঁ পাটৰ কাপোৰত বিশ্বনেতাগৰাকীৰ প্ৰতিকৃতি অংকন কৰিছে ৷

এয়া প্ৰকৃতাৰ্থত জনতাৰ হৃদয় জয় কৰা নেতাগৰাকীৰ প্ৰতি জনতাৰ মৰমৰ প্ৰকাশ ৷  সংযুক্তা দত্তৰ চিন্তা আৰু সৃষ্টিৰ শলাগ ল'লোঁ ৷ অসমৰ পৰিচয় স্বৰূপ বস্ত্ৰশিল্পৰ দিশত তেওঁৰ বাবেও অলেখ শুভেচ্ছা জনালোঁ ৷

ড০ হিমন্ত বিশ্ব শৰ্মা