/asomiyapratidin/media/media_files/2026/02/28/ktytrtrtrtrtrtrtrtrtrtt-2026-02-28-17-33-32.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ (IWAI)ৰ অধীনস্থ ধুবুৰী জাহাজ ঘাট বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ আছে। পিছে এইবাৰ জাহাজ ঘাটটো মুকলিৰ বাবে পুনৰ এবাৰ আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে। পুনৰ মুকলিৰ ক্ষেত্ৰত বন্দৰত কৰ্মৰত বিষয়া-কৰ্মচাৰী সকলৰ লগতে ধুবুৰীৰ সচেতন মহলত নতুন উদ্যম লক্ষ্য কৰা গৈছে।
উল্লেখযোগ্য যে, ঐতিহাসিক গুৰুত্বসম্পন্ন ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰটো ব্ৰিটিছ আমোলৰ পৰাই পৰিচিত। যদিও দীৰ্ঘদিন ধৰি ই বন্ধ হৈ আছিল, তথাপি ভূটান-ভাৰত-বাংলাদেশৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক বাণিজ্য চুক্তিৰ আধাৰত ২০১৮ চনৰ ১১ জুলাইত ধুবুৰীৰ পৰা বাংলাদেশৰ নাৰায়ণগঞ্জলৈ ১০০০.৫ মেট্ৰিক টন শিল লৈ ভাৰতীয় কাৰ্গো জাহাজ এম ভি এএআই ৰ যাত্ৰাৰে নদীপথ বাণিজ্যৰ নতুন অধ্যায় সূচনা হৈছিল।
ইয়াৰ পিছত ২০১৯ চনৰ ২৬ ডিচেম্বৰত ধুবুৰী জাহাজ ঘাটৰ পৰা নদীপথেৰে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় শিল বাণিজ্য আৰম্ভ হয়। প্ৰতিদিনে হাজাৰ হাজাৰ মেট্ৰিক টন শিল বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল, যাৰ ফলত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিছিল।
/asomiyapratidin/media/post_attachments/8da82c81-49b.png)
কিন্তু বিগত সময়ছোৱাত বাংলাদেশত গঢ়ি উঠা ৰাজনৈতিক অস্থিৰতা আৰু কট্টৰ মৌলবাদী পৰিৱেশৰ বাবে ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্কত অৱনতি ঘটে আৰু ইয়াৰ প্ৰভাৱ ধুবুৰী নদী বন্দৰৰ বাণিজ্যিক কাৰ্যকলাপত স্পষ্টভাৱে পৰিলক্ষিত হয়।অৱশ্যে শেহতীয়াকৈ বাংলাদেশত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পিছত ৰাজনৈতিক পৰিৱেশ সুস্থিৰ হোৱাৰ সম্ভাৱনাই পুনৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাৰ আশা জগাই তুলিছে।
ইফালে, অসমৰ জলপথসমূহ পুনৰীজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ৰ বগীবিলৰ লগতে ধুবুৰীত ৭ কোটি ৭৪ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱনিৰ্মিত শুল্ক আৰু অভিবাসন চৌহদ (কাষ্টমছ এণ্ড ইমিগ্ৰেচন কমপ্লেক্স) ভাৰ্চুৱেলি উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/edd810f4-087.png)
ধুবুৰী জাহাজ ঘাটত নিৰ্মিত নতুন শুল্ক আৰু অভিবাসন চৌহদত ভাৰত চৰকাৰৰ শুল্ক বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহে বিদেশী পৰ্যটক তথা বাংলাদেশৰ পৰা অহা জাহাজৰ নাৱিক-কৰ্মচাৰী সকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে ক্ৰুইজৰ নাৱিক-কৰ্মচাৰী সকলৰ থকাৰ বাবে সুসজ্জিত কোঠাৰ ব্যৱস্থাও কৰা হৈছে।
বিজ্ঞ মহলৰ মতে, ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক অধিক সুদৃঢ় হ’লে ধুবুৰীৰ জাহাজ ঘাটৰ পৰা পুনৰ শিল আৰু কয়লাৰ ৰপ্তানি আৰম্ভ হ’ব পাৰে। ইয়াৰ ফলত ধুবুৰীত নিৱনুৱা যুৱক-যুৱতী সকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ধুবুৰী জাহাজ ঘাটৰ পুনৰ সক্ৰিয়তাই সমগ্ৰ নিম্ন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us