/asomiyapratidin/media/media_files/2025/08/23/154-2025-08-23-22-19-48.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : আগন্তুক বিটিচি নিৰ্বাচনক লৈ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল'বলৈ শনিবাৰে কোকৰাঝাৰত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙ । হৰমিট সিঙে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী অধীক্ষক , অতিৰিক্ত আৰক্ষী অধীক্ষক , উপ-আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া, সপ্তম অসম বেটেলিয়নৰ অধিনায়ক , আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে আৰু নিৰাপত্তা , আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ।
পিছত সংবাদমাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে কয় -আজি কোকৰাঝাৰলৈ আহি আৰক্ষী বিষয়াসকলৰ সতে নিৰাপত্তা, আইন শৃংখলাজনিত পৰিস্থিতি আৰু অপৰাধ সন্দৰ্ভত কথা-বতৰা পাতো। কেইদিনমান পিছত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব । বিটিচি পৰিষদীয় নিৰ্বাচন মুক্ত আৰু নিকা কৰাই আমাৰ লক্ষ্য ।
জনসাধাৰণে যাতে কোনোধৰণৰ অসুবিধা অনুভৱ নকৰে । বিটিচি নিৰ্বাচন শূন্য অপৰাধমুক্ত হ'ব লাগে। কোনো অপৰাযুক্ত ঘটনা সংঘটিত হ'লেই দোষীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি হৰমিট সিঙে কয় যে কোনো ধৰণৰ ডাঙৰ ঘটনা সংঘটিত হবলৈ দিয়া নহ'ব ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে শূন্য অপৰাপমুক্ত হ'ব লাগে আৰু আইন -শৃংখলাজনিত পৰিৱেশ বৰ্তাই ৰাখিব লাগে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা হ'ব বুলি সদৰি কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে ।