ডকাইতৰ সন্ধান উলিওৱাত আজিও বিফল আৰক্ষী : চিচিটিভি কেমেৰাত বন্দী ডকাইতৰ গতি- বিধি

বেলতলাৰ নিৰুপমা এপাৰ্টমেণ্টত দুদিনৰ পূৰ্বে ৩জনীয়া এটা ডকাইতৰ দলে নিশা প্ৰায় ১ঘণ্টা ধৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল। এপাৰ্টমেণ্টটোৰ দুটা ফ্লেটৰ দুৱাৰ ভাঙি সা-সামগ্ৰী লুট কৰি নিছিল এই দলটোৱে

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-01 at 2.23.53 PM

ডিজিটেল ডেস্ক : বেলতলাৰ নিৰুপমা এপাৰ্টমেণ্টত দুদিনৰ পূৰ্বে ৩জনীয়া এটা ডকাইতৰ দলে নিশা প্ৰায় ১ঘণ্টা ধৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল। এপাৰ্টমেণ্টটোৰ দুটা ফ্লেটৰ দুৱাৰ ভাঙি সা-সামগ্ৰী লুট কৰি নিছিল এই দলটোৱে। কিন্তু আজিলৈকে ডকাইতৰ দলটোৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে মহানগৰ স্মাৰ্ট আৰক্ষীয়ে।

জানিব পৰা মতে নিশা বেলতলাস্থিত এই এপাৰ্টমেণ্টটোৰ B ব্লকত প্ৰৱেশ কৰিছিল দলটো। মুখত হেলমেট আৰু মাস্ক পৰিধান কৰি থকা দলটোৱে হাতত লৈ আছিল ৰড, স্ক্ৰু ডাইভাৰ, চোকা অস্ত্ৰ আদি। শুদা ভৰিৰে B ব্লকত থকা ৪টা মহলৰ ফ্লেটবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰি নামি আহিছিল ডকাইতৰ দলটো। 

তাৰ পাছত দলটোৱে প্ৰৱেশ কৰে কাষতে থকা A ব্লকত। সেই ব্লকত থকা দুটা ফ্লেটক লক্ষ্য কৰি লয় দলটোৱে। তাৰে এটা আছিল ভূমি মহলাত আৰু আনটো ২নং মহলাত। গ্ৰীল আৰু তলা ভাঙি দলটোৱে এই ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে পলাই যায়। 

উল্লেখযোগ্য যে, এই সমগ্ৰ কাণ্ড আৰু ডকাইতি দলটোৰ গতি- বিধি বন্দী হৈছিল চিচিটিভি কেমেৰাত। ফ্লেটৰ আবাসীসকলে পুৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে ডকাইতি কাণ্ডত জড়িত কোনো লোকক আটক কৰিব পৰা নাই।

মহানগৰত এতিয়া সঘনাই সংঘটিত হৈ আছে এই ধৰণৰ ডকাইতি ঘটনা। ইটোৰ পাছত সিটো ডকাইতি কাণ্ডৰে এই চক্ৰটোৱে মহানগৰ আৰক্ষীক বিপাঙত পেলোৱাই নহয়, ৰাজপথতো গাড়ী ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছে। সেয়েহে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে দিন- দুপৰতে শংকাত দিন কটাব লগা হৈছে।

গুৱাহাটী আৰক্ষী গুৱাহাটী অসম আৰক্ষী