কবি নীলমণি ফুকনৰ ওপজা দিন উপলক্ষে মৈত্ৰেয়ী পাটৰৰ বিশেষ শ্ৰদ্ধাঞ্জলি...

কবি নীলমণি ফুকন। যিগৰাকী কবিৰ কবিতাত পাঠকে বিচাৰি পাই জীৱনৰ ছন্দ, ভাবৰ অৱকাশ। তেওঁৰ দ্বাৰা সৃষ্ট এনে কিছুমান কবিতা আছে যিয়ে পাঠকৰ অৱচেতন মনত দোলা দি যায় ন ন উন্মেষৰ। 

author-image
Asomiya Pratidin
New Update
291

ডিজিটেল ডেস্ক : কবি নীলমণি ফুকন। যিগৰাকী কবিৰ কবিতাত পাঠকে বিচাৰি পাই জীৱনৰ ছন্দ, ভাবৰ অৱকাশ। তেওঁৰ দ্বাৰা সৃষ্ট এনে কিছুমান কবিতা আছে যিয়ে পাঠকৰ অৱচেতন মনত দোলা দি যায় ন ন উন্মেষৰ। 

গোলাপী জামুৰ লগ্ন, সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, আৰু কি নৈঃশব্দ আদিৰ দৰে কবিতাৰ স্ৰষ্টা নীলমণি ফুকনৰ অন্যতম এটি সমাদৃত কবিতা হৈছে ‘তই কি বাঁহী বজালি…’ শীৰ্ষক কবিতা। এই কবিতাটো শেহতীয়াকৈ এটি গীতৰ ৰূপ দিয়া হৈছে। 

কবিতা আৰু সংগীতৰ মহামিলন ঘটাই উদীয়মাণ শিল্পী মৈত্ৰেয়ী পাটৰে শীৰ্ষক কবিতাটি গীতৰ ৰূপ দিয়াৰ এক প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে, ১০ চেপ্তেম্বৰ কবি নীলমণি ফুকনৰ ৯৪ সংখ্যক ওপজা দিন উপলক্ষত শিল্পীগৰাকী আৰু তেওঁৰ সহযোগী শিল্পীসকলে ‘তই কি বাঁহী বজালি…’ শীৰ্ষক কবিতাটিৰ পৰা সৃষ্টি কৰা গীতটি মুকলি কৰিব।

কবি নীলমণি ফুকনৰ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি হিচাপে কবিতাটি সংগীতেৰে সজাইছে যুৱ সংগীত শিল্পী মৃন্ময় শৰ্মাই। গীতটিত কণ্ঠ নিগৰাইছে মৈত্ৰেয়ী পাটৰ আৰু ভাস্কৰজ্যো তি আচাৰ্যই। একেদৰে গীতটি সুৰেৰে সজাইছে ভাস্কৰজ্যো তি আচাৰ্যই।

নৱনিৰ্মিত গীতটিৰ সম্পৰ্কত শিল্পী মৈত্ৰেয়ী পাটৰে কয় যে, কবি আৰু তেওঁৰ শব্দক মানুহৰ আৰু কাষলৈ নিয়াৰ ক্ষেত্ৰত ই এক প্ৰয়াস। এই প্ৰয়াসত ৰাইজৰ সহযোগিতা কামনা কৰিছে কণ্ঠশিল্পী মৈত্ৰেয়ী পাটৰৰ লগতে তেওঁ সহযোগীসকলে। কবিগৰাকীৰ জন্মদিনৰ দিনটোৰ পৰাই ৰাইজে শুনিবলৈ পাব এই গীতটি।

নীলমণি ফুকন