/asomiyapratidin/media/media_files/2026/01/06/5-2026-01-06-23-15-35.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ সাংস্কৃতিক জগতত এক ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰি মঙলবাৰে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ হৈ গ’ল নটসৈনিক নাট্য বিদ্যালয়ৰ পঞ্চম নিবেদন শিশু নাটক 'দূৰবীণৰ দুৰন্ত মহিমা'। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক দীপক বৰাৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হোৱা এই নাটকখনে দৰ্শকক এক নতুন চিন্তাৰ খোৰাক দিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-23-13-50.jpg)
নাটকখনৰ মূল কেন্দ্ৰবিন্দু হৈছে চিম্পী আৰু ডিম্পী নামৰ দুই বন্ধু। এয়া কোনো বাস্তৱ পৃথিৱীৰ কাহিনী নহয়, বৰঞ্চ সপোনৰ পৃথিৱীত গঢ়ি উঠা এক নিভাজ বন্ধুত্বৰ কাহিনী। বাইনোকুলাৰ আৰু টেলিস্কোপৰ লেন্সেৰে দুই বন্ধুৱে বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা প্ৰত্যক্ষ কৰি আচৰিত হোৱাৰ লগতে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অভিভূত হয়। নাট্যকাৰ দীপক বৰাই এই সপোনৰ আৱৰ্ততে দৰিদ্ৰ পৰিয়ালৰ শিশুৱে দেখা বিশ্বমুখী সপোন আৰু সেই সপোনক বাস্তৱায়িত কৰিবলৈ কৰা সংগ্ৰামৰ এক বাস্তৱিক ছবি অতি নিপুণতাৰে ফুটাই তুলিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/2-2026-01-06-23-13-59.jpg)
কেৱল শিশুৰ সপোনেই নহয়, নাটকখনৰ জৰিয়তে সমাজৰ আন এক জ্বলন্ত দিশৰ ওপৰতো তীক্ষ্ণ আলোকপাত কৰা হৈছে। বিশেষকৈ সৰস্বতী পূজাৰ নামত একাংশই কৰা 'ফেশ্বন শ্ব' আৰু বহুৱালীক নাটকখনৰ জৰিয়তে কঠোৰ সমালোচনা কৰা হয়। আমাৰ পবিত্ৰ সংস্কৃতিত যাতে কোনেও আঁচোৰ পেলাব নোৱাৰে, তাৰ এক বলিষ্ঠ বাৰ্তাৰে নাটকখনৰ সামৰণি মৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/3-2026-01-06-23-14-10.jpg)
নাটকখন মঞ্চস্থ হোৱাৰ পূৰ্বে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। জনপ্ৰিয় অভিনেতা 'বেহাৰবাৰী আউটপোষ্ট' খ্যাত কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই এক শুভেচ্ছা মূলক বক্তব্যৰে নাটকখনৰ শুভ উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/4-2026-01-06-23-14-19.jpg)
এদল নশিকাৰু কনমানি শিল্পীক লৈ দীপক বৰাই উপহাৰ দিয়া এই নাটকখনৰ প্ৰতিটো মুহূৰ্তই দৰ্শকক বান্ধি ৰাখিবলৈ সক্ষম হয়। নাটকখনতৰূপজ্যোতি ভূঞাই মঞ্চ সজ্জা আৰু গুণ কান্ত দাসে সংগীতেৰে নাটকখনক এক বিশেষ গতি প্ৰদান কৰে। নগঞা নাট্যপ্ৰেমী ৰাইজে নটসৈনিক নাট্য বিদ্যালয়ৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us