/asomiyapratidin/media/media_files/2026/01/07/590-2026-01-07-18-08-28.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰ তথা ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত পি এম শ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ফুলগুৰিৰ শেহতীয়াভাৱে দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক বঁটা বিতৰণী সভাখনি এই বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। এই বিদ্যালয়ৰ সহকাৰী শিক্ষক তপন কুমাৰ দাসে আঁত ধৰা এই কাৰ্যসূচীত পুৱা বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচৰণ দাসে,হাতে লিখা আলোচনী গজালি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত কুমাৰ দাসে।
দুপৰীয়া এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা কোকৰাঝাৰৰ সংগ্ৰাহলয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সুৰেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত কৰা হয়। এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিপাঞ্জলী গোস্বামীয়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি শিক্ষামূলক ভাষণ প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলক লৈ মাক দেউতাকে আশা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-18-09-36.jpeg)
সেয়ে ছাত্ৰ ছাত্ৰীক ভৱিষ্যত এগৰাকী ভাল মানুহ হ'বলৈ আহ্বান জনায়। এই মুকলি সভাত ৰাণী শিক্ষা খণ্ডৰ বিষয়া দিগন্ত পাঠকে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভালদৰে পঢ়া শুনা কৰিবলৈ কয়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাসে ভাষণত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰদান কৰা এই বঁটাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি উল্লেখ কৰে।
এই শিক্ষানুষ্ঠানৰ প্ৰতিটো ইতিবাচক দিশেই শিক্ষানুষ্ঠানক আগুৱাই নিছে বুলি কয়। ইয়াৰ ভিতৰত বঁটা বিতৰণী অনুষ্ঠানো এটি কাৰ্যসূচী। এই শিক্ষানুষ্ঠানখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰাৰ উপৰি ৰাজ্যিক পৰ্যায়ত খেলুৱৈ সৃষ্টিৰে বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিছে।
সভাপতিৰ আসনৰ পৰা সুৰেশ কলিতাই কয় শিক্ষা অবিহনে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ। সেয়ে ধৈৰ্য্য ধৰি পঢ়া শুনা কৰাটো প্ৰয়োজন বুলি কয়। এই সভাত লগতে অৱসৰপ্ৰাপ্ত শিক্ষক গিয়াচুদ্দিন আহমেদ,অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী ভাবিত চন্দ্ৰ দাস,অৱসৰপ্ৰাপ্ত শিক্ষক অকন চন্দ্ৰ দাস,প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ধনমণি দাস,বিশিষ্ট গীতিকাৰ-সুৰকাৰ দ্বীপ ৰাজবংশী,সুদক্ষ ঘোষক মোহন কলিতাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীত গীত মাত,আবৃতি, নাট আদি পৰিৱেশন কৰাৰ লগতে এই সভাতে যোৱা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী,প্ৰতিটো শ্ৰেণীৰ পৰা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী,সমাজ সেৱাত অৱদান আগবঢ়োৱা ছাত্ৰ ছাত্ৰী,ৰাজ্যিক বঁটাপ্ৰাপ্ত খেলুৱৈ,নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থকা আদি বিভিন্ন শিতানত ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us