ওদালগুৰিত নৱনিযুক্ত মন্ত্ৰী চৰন বড়োক নাচি বাগি আদৰিলে ৰাইজে

মন্ত্ৰিত্ব লাভ কৰাতো মোৰ বাবে এক সপোন আছিল। আজি সেই সপোন পূৰন হ'ল। বিধানসভা নিৰ্বাচনলৈ মাজত পাচ মাহ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত শনিবাৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহন

author-image
Asomiya Pratidin
New Update
12

ডিজিটেল সংবাদ, ওদালগুৰি : মন্ত্ৰিত্ব লাভ কৰাতো মোৰ বাবে এক সপোন আছিল। আজি সেই সপোন পূৰন হ'ল। বিধানসভা নিৰ্বাচনলৈ মাজত পাচ মাহ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত শনিবাৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহন কৰি এই মন্তব্য কৰে মাজবাট সমষ্টিৰ বি পি এফৰ বিধায়ক চৰন বড়োৱে।

মন্ত্ৰী হিচাপে শপত গ্ৰহন কৰাৰ পিছত নিশা ওদালগুৰিত প্ৰৱেশ কৰাৰ লগে লগে দলীয় কৰ্মী সকলে বিপুল আদৰণি জনোৱাৰ লগতে নাচি বাগি নিজৰ ঘৰ অভিমুখে আদৰি নিয়ে। দলীয় কৰ্মী সকলে ফটকা ফুটাই আনন্দ উলাহ কৰা পৰিলক্ষিত হয়।  

নিজৰ ঘৰৰ পদুলিৰ পৰা  ফুল- চন্দন আৰু পৱিত্ৰ পানী চতিয়াই ঘৰলৈ আদৰে পৰিয়ালৰ লোকে। নিজৰ ঘৰত প্ৰবেশ কৰাৰ পিছতে সাংবাদিকৰ আগত  নিজৰ  প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৱ নিযুক্ত মন্ত্ৰী চৰন বড়োৱে কয়- ২০১৬ চনৰ পৰাই মই মাজবাট সমষ্টিৰ বিধায়ক হৈছো। এবাৰ মন্ত্ৰী হোৱাৰ সপোন আছিল।

বি টি চি নিৰ্বাচনৰ ফলাফলে মোৰ সেই সপোন দিঠকত পৰিণত কৰিলে। মই অতি সুখী আৰু আনন্দিত ।  এই সফলতাত সমষ্টিবাসীক ধন্যবাদ জনোৱাৰ লগতে হাগ্ৰামা মহিলাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী চৰন বড়োৱে‌ ।  

তেওঁ কয়- মই যিহেতু নতুন আৰু অতি কম সময় আছে মোৰ হাতত , গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শত  বিভাগটোক সঠিক দিশত আগ বঢ়াই নিবলৈ চেষ্টা কৰিম‌।

ওদালগুৰি