/asomiyapratidin/media/media_files/2025/10/16/new-ap-web-nagaon-2025-10-16-21-50-18.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী তথা কলিয়াবৰৰ প্ৰবীন কংগ্ৰেছ নেত্ৰী সাবিত্ৰী বৰুৱা(৭১)ৰ বৃহস্পতিবাৰে বিয়লি প্ৰায় ২-২০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শাসনকালত ১৯৯২-৯৬ চনত কলিয়াবৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰা সাবিত্ৰী বৰুৱা এগৰাকী সবল দলীয় সংগঠক ৰূপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷
ৰাজনীতিৰ জগতত খোজ দিয়াৰ পূৰ্বে নটৰাজ, মেঘদূত আদিকে ধৰি ভ্ৰাম্যমাণ নাট্যজগতত এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে স্বাক্ষৰ বহন কৰা সাবিত্ৰী বৰুৱাই পৰবৰ্তী সময়ত ৰাজনীতিলৈ আহি ২০০৭ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ আসন অলংকৃত কৰিছিল ৷ কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা সম্বৰ্দ্ধিত সাবিত্ৰী বৰুৱা কলিয়াবৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল ৷
দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আজি শেষ নিশ্বাস ত্যাগ কৰা সাবিত্ৰী বৰুৱাৰ মৃত্যুত কলিয়াবৰ জিলা ব্লক কংগ্ৰেছ সমিতি, সাংসদদ্বয় গৌৰৱ গগৈ আৰু ৰকিবুল হুচেইন, কলিয়াবৰ ব্লক কংগ্ৰেছৰ উপ-সভাপতি প্ৰদীপ বৰুৱা, কলিয়ৰৰৰ শিল্পী সমাজসহিতে বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।