/asomiyapratidin/media/media_files/2025/11/17/1-2025-11-17-22-55-19.jpg)
ডিজিটেল সংবাদ,চিৰাংঃ বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে বহুল ভাবে বিজয়ী হোৱাৰ পিছত বিটিচিৰ অন্তৰ্গত সকলো পৌৰসভা আৰু ভিচিডিচি সমূহ ভঙ্গ কৰি দিয়া হৈছিল। আজিৰ দিনটোত বিপিএফ দলৰ নেতৃত্বত চিৰাং জিলাৰ বাসুগাঁও আৰু কাজলগাঁও পৌৰসভা সুচাৰু ৰূপে পৰিচালিত কৰিবলৈ নতুন কৈ গঠন কৰা পৰিচালনা সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্য মুনমুন ব্ৰহ্ম আৰু চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাৰ উপস্থিতিত নতুন পৌৰপতি হিচাপে শপতগ্ৰহণ কৰে ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ শুকুৰ সিং মুছাহাৰী আৰু আৰু উপ পৌৰপতি হিচাপে বিশিষ্ট সমাজকৰ্মী চন্দন দাসে।
মনোনীত ওৱাৰ্ড সদস্য হিচাপে এক নং ওৱাৰ্ডত অপৰ্ণা দে, বাবুল ৰায়, দুই ওৱাৰ্ডত সঞ্জীত দাস, ৰেখা বসুমতাৰী, তিনি নং ওৱাৰ্ডত সমৰ বসুমতাৰী, নাজমিনা বেগম আৰু চাৰি নং ওৱাৰ্ডৰ সদস্য হিচাপে দুলাল সাহা আৰু অলকা ৰায়ে শপতগ্ৰহণ কৰে। আজিৰ পৌৰপতি, উপ পৌৰপতি সহ ওৱাৰ্ড সদস্য সকলক শপতবাক্য পাঠ কৰায় চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাসে ।
আজি বাসুগাঁও পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ শপতগ্ৰহণ অনুষ্ঠানত বাসুগাঁও চহৰ জেষ্ঠ্য নাগৰিক, বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গৰ উপৰি শাসকীয় বিপিএফ দলৰ চিৰাং জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সহ চিৰাং ব্লক আৰু প্ৰাথমিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
বাসুগাঁও পৌৰসভাৰ আজিৰ শপতগ্ৰহণ অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট সমাজকৰ্মী পিযুষ কান্তি বৰ্মনে। বাসুগাঁও পৌৰসভাৰ শপতগ্ৰহণ অনুষ্ঠান সামৰণি পেলাই বিভাগীয় কাৰ্য্যবাহী সদস্য মুনমুন ব্ৰহ্ম সহ অন্যান্য অতিথিসকলে জিলা সদৰ কাজলগাঁও অভিমুখে ৰাওনা হয় ।
দুপৰীয়া এক বজাত কাজলগাঁও পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । কাজলগাঁও পৌৰসভাৰ পৌৰপতি হিচাপে শপতগ্ৰহণ কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই আৰু উপ পৌৰপতি হিচাপে ছামাদ আলী আহমেদ হিচাপে শপতগ্ৰহণ কৰে ।
কাজলগাঁৱৰ চাৰিটা ওৱাৰ্ডৰ ভিতৰত ১ নং ওৱাৰ্ডৰ মনোনীত সদস্য হিচাপে কবিতা বৰগয়াৰী দৈমাৰী, কবিতা ৰাণী ব্ৰহ্ম, হৰমুজ আলী, ময়ুৰী ৰায় বৰা, ২ নং ওৱাৰ্ডৰ তপন নন্দী, আনোৱাৰ হুছেইন, ওৰদাউ বসুমতাৰী, ৩নং ওৱাৰ্ডৰ বাবু বসুমতাৰী, ধনঞ্জয় বড়ো, সম্বাৰু ব্ৰহ্ম আৰু ৪ নং ওৱাৰ্ডৰ প্ৰবীলা ব্ৰহ্ম, মনীন্দ্ৰ ব্ৰহ্ম আৰু হেমন্ত ব্ৰহ্মই শপতগ্ৰহণ কৰে।
কাজলগাঁও পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ শপতবাক্য পাঠ কৰায় চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীয়ে। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ বিভাগীয় কাৰ্য্যবাহী সদস্যা মুনমুন ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিৰ প্ৰতিটো পৌৰসভা, নগৰ সমিতিৰ অধীনস্থ ওৱাৰ্ড সমূহত বসবাস কৰা বাসিন্দাসকলৰ সুবিধাৰ্থে যিবোৰ কেন্দ্ৰীয়, ৰাজ্যিক বা বিটিচি প্ৰশাসন ফালৰ পৰা যিসমূহ আচনি আহিব সেই আচনি সমূহ সফল ৰূপায়ন কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰি আগন্তুক সময়ত কাম কৰা হব ।
লগতে বিগত চৰকাৰৰ দিনত নগৰ উন্নয়নৰ বাবে মঞ্জুৰীপ্ৰাপ্ত বিভিন্ন আচনি ৰূপায়ন কৰাৰ নামত ব্যাপক হাৰত দুৰ্নীতি ভ্ৰষ্টাচাৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে, আমি বিটিচি প্ৰশাসনৰ নগৰ উন্নয়ন বিভাগৰ পৰা এই দুৰ্নীতি বিৰুদ্ধে তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। খুব কম সময়ৰ ভিতৰত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।
আনপিনে বাসুগাঁও পৌৰসভাৰ নতুন পৌৰপতি শুকুৰ সিং মুছাহাৰী আৰু কাজলগাঁও পৌৰসভাৰ নতুন পৌৰপতি পানীৰাম ব্ৰহ্মই কয় যে নগৰবাসীৰ উন্নয়নক অগ্ৰাধিকাৰ দি ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ কাম কৰি যোৱাৰ সংকল্প লৈছো আৰু আগলৈ সেই লক্ষ্যৰে কাম কৰি যাম বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us