/asomiyapratidin/media/media_files/2025/09/06/265-2025-09-06-16-33-56.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ৰেন' ইণ্ডিয়াই শনিবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ৰেন' গুৱাহাটী চিটি শ্ব'ৰুমত মুকলি কৰিলে ইয়াৰ ৰিথিংক পাৰ্ফমেন্স দর্শনৰ অধীনত নির্মিত নতুন কাইগাৰ বাহন। গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰে শ্ব'ৰুমটোৰ ব্যৱসায়িক মুৰব্বী পার্থ সমাদাৰ আৰু ক্রীড়া সংগঠক বিশ্বজিৎ ডেকাই।
১০০ পি এছ টার্বোচার্জড ইঞ্জিন আৰু ৩৫ টাতকৈ অধিক উন্নীত বৈশিষ্টযুক্ত, চাৰি মিটাৰ দৈৰ্ঘ্যৰ ভিতৰৰ এই এছ ইউ ভিখনে পৰিৱেশন, শ্রেণী-অগ্রণী ইন্ধন কার্যক্ষমতা আৰু ব্যতিক্রমী মূল্যৰ এক অভূতপূর্ব সংমিশ্রণ আগবঢ়ায়। নতুন কাইগাৰক সাহসী ডিজাইন, স্মার্ট প্রযুক্তি, উন্নত সুৰক্ষা সংহতিৰ সৈতে শক্তিশালী পৰিৱেশন প্ৰদান কৰিব পৰাকৈ নবীকৰণ কৰা হৈছে আৰু ইয়াক চিন্তাশীলভাৱে প্রস্তুত কৰা ট্ৰিমৰ পৰিসৰত আগবঢ়োৱা হৈছে।
কাইগাৰ টেকন' আৰু ইমোচনৰ টার্বো প্ৰকাৰৰ মূল্য হৈছে ৯.৯৯ লাখৰ পৰা ১১.২৯ লাখ টকা (এক্স-স্ব'ৰুম)। একেদৰে অধিক সুলভ স্বাভাৱিক ইজিনৰ ভিন্নতাসমূহ ৬.২৯ লাখ টকাৰ পৰা ৯.১৪ লাখ টকাৰ ভিতৰত উপলব্ধ (এক্স-শ্ব'ৰুম)।
গাড়ীখন সাতটা আকর্ষণীয় ৰঙৰ পেলেটত উপলব্ধ। য'ত অওছিছ য়েলা আৰু শ্বেড' গ্রে এই দুটা নতুন সংযোজন আছে। নতুন কাইগাৰক অতুলনীয় মূল্যৰ সৈতে অল-ৰাউণ্ড প্রদর্শন দাঙি ধৰিব পৰাকৈ ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ ড্রাইভিং অৱস্থাৰ সৈতে নিখুঁতভাৱে তৈয়াৰ কৰা হৈছে।
ইয়াৰ মূলতে আছে এটা টার্বোচার্জড ইঞ্জিন, যিয়ে ১০০ পি এছৰ সৰ্বোচ্চ পাৱাৰ আৰু ১৬০ এন এম পর্যন্ত টর্ক উৎপন্ন কৰে আৰু একে সময়তে ২০.৩৮ কিলোমিটাৰ ইন্ধন কার্যক্ষমতা নিশ্চিত কৰে (এ আৰ এ আই অনুসৰি)। অধিক সুলভ বিকল্পৰ সুবিধা বিচৰা গ্ৰাহকৰ বাবে নতুন কাইগাৰ গাড়ীখন এটা পৰিশোধিত স্বাভাৱিক ইজিনৰ সৈতেও উপলব্ধ, যিয়ে ৭২ পি এছ সর্বোচ্চ পাৱাৰ আৰু ৯৬ এন এম পর্যন্ত টর্ক উৎপন্ন কৰে, লগতে ইয়াৰ ইন্ধন কার্যক্ষমতা হৈছে ১৯.৮৩ কিলোমিটাৰ (এ আৰ এ আই অনুসৰি)।
তদুপৰি ৰেন' ইণ্ডিয়াই ৰেচিং গাড়ীত সাধাৰণতে ব্যৱহাৰ কৰা মিৰ'ৰ ব'ৰ কোটিং প্ৰযুক্তিৰ জৰিয়তে কাইগাৰৰ ড্রাইভিং ডাইনেমিক্স উন্নত কৰিছে, যিয়ে ইঞ্জিন চিলিণ্ডাৰৰ ভিতৰৰ ঘৰ্ষণ হ্রাস কৰে। যাৰ ফলত ইন্ধনৰ অৰ্থনীতি উন্নত হয়, অধিক শক্তি প্ৰদান কৰে আৰু ইজিনৰ স্থায়িত্ব উন্নত হয়।
নতুন কাইগাৰে প্ৰতিটো ড্রাইভিং শৈলীৰ লগত খাপ খোৱাকৈ বহুমুখী ট্রেন্সমিছন বিকল্পৰ পৰিসৰ আগবঢ়ায়। নিয়ন্ত্রণ ভাল পোৱাসকলৰ বাবে ষ্টেন্ডার্ড ৫-স্পীড মেনুৱেল, চহৰৰ যাতায়তৰ বাবে সুবিধাজনক ইজি-আৰ এএমটি, আৰু মসৃণ আৰু পৰিশোধিত পৰিৱেশনৰ বাবে উন্নত এক্স-ট্রনিক চিভিটি।
কমপেক্ট এছ ইউ ভিত এতিয়া মাল্টি-ভিউ কেমেৰা চিষ্টেম সংযোগ কৰা হৈছে, যিয়ে চালকসকলক একাধিক কোণৰ পৰা স্পষ্ট, বাস্তুৱ সময়ৰ দৃশ্যমানতা প্রদান কৰে।