ডিমা হাচাওত শুকুলা মেঘৰ তলত, সেউজীয়াৰ মাজত নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম মুকলি

নাথাকিব হৈ চৈ, নাথাকিব কোলাহল, চাৰিওফালে গুঞ্জৰিত হৈ থাকিব চৰাই- চিৰিকটিৰ কাকলি। পাহাৰৰ পৰা আহিব এজাক নিৰ্মল বতাহ। চাৰিওফালে কেৱল আৰু কেৱল দেখা পোৱা যাব সেউজীয়া। এই সেউজীয়া আৰু নিৰ্মল বতাহৰ মনোৰম পৰিৱেশত ক্ৰিকেট

author-image
Asomiya Pratidin
New Update
411

ডিজিটেল ডেস্ক : নাথাকিব হৈ চৈ, নাথাকিব কোলাহল, চাৰিওফালে গুঞ্জৰিত হৈ থাকিব চৰাই- চিৰিকটিৰ কাকলি। পাহাৰৰ পৰা আহিব এজাক নিৰ্মল বতাহ। চাৰিওফালে কেৱল আৰু কেৱল দেখা পোৱা যাব সেউজীয়া। এই সেউজীয়া আৰু নিৰ্মল বতাহৰ মনোৰম পৰিৱেশত ক্ৰিকেট মেচ এখন উপভোগ কৰাৰ আনন্দ কিমান, সেয়া সহজে অনুমেয় !

কংক্ৰিটৰ পৰা বহু নিলগত, শুকুলা মেঘৰ তলত আৰু সেউজীয়াৰ মাজত নিৰ্মাণ কৰা হৈছে এখন ক্ৰিকেট ষ্টেডিয়াম। অসম ক্ৰিকেট সন্থাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত নিৰ্মাণ কৰিছে এই ষ্টেডিয়ামখন। 

অসমৰ ভূ-স্বৰ্গ ডিমা হাচাও জিলাৰ উমৰাংচু’ত নিৰ্মাণ কৰা হৈছে এ চি এ ক্ৰিকেট ষ্টেডিয়াম, ডিমা হাচাও নামেৰে এই ষ্টেডিয়ামখন। দৰ্শক- ৰাইজে প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশত উপভোগ কৰিব পাৰিব ক্ৰিকেট মেচ। 

৫ ডিচেম্বৰ ২০২৫ৰ দুপৰীয়া এই নৱনিৰ্মিত ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আটকধুনীয়া ষ্টেডিয়ামখন মুকলি কৰি ড০ শৰ্মাই ৰাইজক উদ্দেশ্যি কয়- ডিমা হাছাও বুলি ক’লেই পাহাৰে আগুৰা সেউজ শোভাৰ ছবিখন আমাৰ মনলৈ আহে। 

এই সেউজীয়াৰ মাজত ক্রিকেট খেলা বা চোৱাৰ অভিজ্ঞতা কিমান সুন্দৰ হ’ব পাৰে, এবাৰ ভাবকচোন। এনে এক চিন্তাৰেই মুকলি কৰা হৈছে এ চি এ ক্রিকেট ষ্টেডিয়াম, ডিমা হাছাও। সকলো প্রকাৰৰ প্রয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামে ক্রীড়া চর্চাৰ পৰা পর্যটনলৈ অসমৰ বিভিন্ন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

উল্লেখযোগ্য যে, নৱনিৰ্মিত এই ষ্টেডিয়ামখনৰ আসনৰ সংখ্যা ১৫ হাজাৰ। ইয়াত আছে ৫খন পিটছ আৰু এটা আটকধুনীয়া পেভিলিয়ন। ইতিমধ্যে এই ষ্টেডিয়ামখনৰ আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে ৰাইজৰ মাজত আনন্দই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

ডিমা হাচাও