/asomiyapratidin/media/media_files/2025/08/26/184-2025-08-26-18-25-24.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত স্থাপন হোৱা বিশ্বৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তেজপুৰ বিশ্ববিদ্যালয়ত বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সংখ্যালৈ লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক শম্ভুনাথ সিঙে সোমবাৰে নৱনির্মিত দুমহলীয়া নেলচন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় আৱাসটি উদ্বোধন কৰে। এইক্ষেত্ৰত আধুনিক সা-সুবিধাৰে পূৰ্ণ এই আৱাসটি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে প্ৰথম পৰ্যায়ত ৪৪টা একক আসনযুক্ত কোঠাৰ ব্যৱস্থা কৰা হৈছে।
সেই অনুসৰি ভূমি মহলত ২০ টা কোঠা আৰু প্ৰথম মহলাত ২৪টা কোঠা নিৰ্মাণ কৰা হৈছে । প্ৰতিটো কোঠা শিক্ষাৰ্থীৰ সুৰক্ষা আৰু সুবিধাৰ কথা চিন্তা কৰি নিৰ্মাণ কৰি তোলা হৈছে।
আনহাতে উদ্বোধনী অনুষ্ঠানত উপাচাৰ্য্য অধ্যাপক সিঙে কয় যে, “এই আৱাসটিয়ে কেৱল গুণগত মানদণ্ডৰ বাসস্থান প্ৰদান নকৰে, ই বিশ্ববিদ্যালয়ৰ চৌহদৰ বৈচিত্ৰ্য আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকো উৎসাহিত কৰিব, যাৰ দ্বাৰা তেজপুৰ বিশ্ববিদ্যালয় বিশ্বশিক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিব। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত দক্ষিণ-পূৰ্ব এচিয়া, মধ্য এচিয়া, আফ্ৰিকা আৰু উত্তৰ ইউৰোপৰ ২২ খন দেশৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী আছে।
ভৱিষ্যতে এই আৱাসৰ ধাৰণ ক্ষমতা ১৪০ জন আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে লগতে এটা এক্টিভিটি চেণ্টাৰ আৰু এটা পুথিভঁৰালৰো ব্যৱস্থা কৰা হ’ব, যিয়ে বিদ্যায়তনিক দিশৰ আলোচনাৰ লগতে সাংস্কৃতিক আদান প্ৰদান আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তুলিব।
শান্তি, সমতা আৰু ন্যায়ৰ বিশ্বজনীন প্ৰতীক নেলচন মেণ্ডেলাৰ নামত নামাঙ্কিত এই আৱাসটিয়ে বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্প্ৰীতি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। উদ্বোধনী অনুষ্ঠানত ছাত্রকল্যাণৰ ডীন অধ্যাপক মানবেন্দ্ৰ মণ্ডল, কাৰ্য্যকৰী অভিযন্তা যাদৱ চন্দ্ৰ নাথ, সন্মানীয় ৱাৰ্ডেন আৰু অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে।
এই অনুষ্ঠানৰ পিছতেই উপাচাৰ্য্যই কেম্পাছত শিক্ষাৰ্থী, অধ্যাপক-কৰ্মচাৰী তথা সৰ্বসাধাৰণৰ বাবে আধুনিক সা-সুবিধাসম্পন্ন ইউনিছেক্স চেলুন “লাৱণ্য”ৰো শুভ উদ্বোধন কৰে।