ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ শুভাৰম্ভ

উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমে আয়োজন কৰি অহা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইবাৰৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্রবনত ২৯ নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ডo সুনীল মোহন্তিয়ে ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতৰ ৩ গৰাকী ভোটা তৰা ক্ৰমে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, দীপক শৰ্মাৰ সন্মুখত পৱিত্ৰ বন্তি প্ৰজ্বলনেৰে মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

WhatsApp Image 2025-11-29 at 11.09.30 PM

উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমে আয়োজন কৰি অহা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইবাৰৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। এই মহোৎসৱৰ প্ৰতিযোগিতা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্র নির্মাতাসকলৰ মাজত সীমাবদ্ধ থাকিব। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ মোহন্তিয়ে জোৰ দি কয় যে চিনেমাৰ দৰে এক শক্তিশালী মাধ্যমক কেৱল মনোৰঞ্জনৰ জৰিয়তে ধন ঘটাৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়। বৰঞ্চ, ই জাতীয়তাবাদ গঢ়ি তোলাত আৰু ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতা তথা সাংস্কৃতিক ঐতিহ্যক শ্ৰদ্ধা জনোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

WhatsApp Image 2025-11-30 at 8.42.00 AM (2)

উল্লেখ্য যে, মহোৎসৱত ৩০ খন চুটি ছবি আৰু তথ্য চিত্র প্রদর্শন কৰা হব। ভাৰত বালাৰ অহম ভৰতম উদ্বোধনী আৰু পীযুষ ঠাকুৰৰ দ্যা ফার্ট ফিল্ম সামৰণি ছবি হিচাপে প্রদর্শিত হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মন যায় ছবিখনৰো বিশেষ প্রদর্শনৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।

WhatsApp Image 2025-11-29 at 11.09.31 PM

আনহাতে, বঁটা বিজয়ী পৰিচালক ঝুলন কৃষ্ণ মহন্ত, প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা বিভু দত্ত আৰু অভিজ্ঞ চিনেমাটোগ্ৰাফাৰ হিতেন ঠাকুৰীয়াক লৈ গঠিত প্ৰিভিউ কমিটিয়ে মহোৎসৱত প্ৰদৰ্শনৰ বাবে ছবিসমূহ বাছনি কৰিছে বুলি CNFFৰ সম্পাদক ভগৱত প্ৰীতমে জানিবলৈ দিয়ে।

WhatsApp Image 2025-11-30 at 8.42.00 AM (1)

লক্ষ্যণীয় যে, ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াৰ লগতে ভালেমান গণ্যমান্য লোক উপস্থিত থাকিব। মহোৎসৱত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিশেষ শ্রদ্ধাঞ্জলিৰো আয়োজন কৰা হৈছে।

জ্যোতি চিত্ৰবন