/asomiyapratidin/media/media_files/2025/12/10/453-2025-12-10-21-56-10.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : জন্মস্থানত স্বীকৃতি লাভ কৰাটোৱেই জীৱনৰ চৰম প্ৰাপ্তি বুলি অনুভৱ কৰিছোঁ, নৰেন্দ্ৰদেৱ শাস্ত্ৰী জীৱন বাটৰ শিক্ষাগুৰু যাৰ শৈক্ষিক জীৱন কেৱল শ্ৰেণীকোঠাতে আবদ্ধ নাছিল। তেখেত আছিল জাত শিক্ষক। তেজপুৰতেই জীৱনে ৰূপান্তৰৰ মাজৰে বাটে বুলিছিল, য'ত শাস্ত্ৰী ছাৰে মোৰ জীৱনৰ বাট মসৃন কৰি তুলিছিল।
ৰাজ্যৰ বিশিষ্ট লেখিকা তথা সমালোচক ড° বিনীতা বৰা দেৱচৌধুৰীয়ে বুধবাৰে তেজপুৰত শোণিতপুৰ প্ৰেছ ক্লাবৰ এখন গাম্ভীৰ্যপূৰ্ণ সভাত এইদৰে কয়। উল্লেখ্য যে শোণিতপুৰ প্ৰেছ ক্লাব তেজপুৰৰ উদ্যোগত আজি তেজপুৰ সাহিত্য সভা ভৱনত ২০২৫ বৰ্ষৰ নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।
সেই অনুসৰি প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সুভাষ চন্দ্ৰ বিশ্বাসৰ সভাপতিত্বত আৰু কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটাৰ হৈ ড° বিনীতা বৰা দেৱচৌধুৰীক এখন বড়ো জনগোষ্ঠীৰ আৰনাই , চেলেং,গ্ৰন্থৰ টোপোলা ,স্মাৰক ,পিতলৰ জাপী ,প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে ক্ৰমে নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ সহধৰ্মিনী কনকলতা দেৱী ,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,জিলা আয়ুক্ত আনন্দ কুমাৰ দাস ,বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট ,ড° ৰমেশ চন্দ্ৰ গোস্বামী ,সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসে বঁটা প্ৰদান কৰে।
উল্লেখ্য যে তেজপুৰৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত "সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত আৰু সংগীত সূৰ্য্য জুবিন গাৰ্গৰ গীতত লোকসংগীতৰ প্ৰভাৱ " শীৰ্ষক বিষয়ৰ ওপৰত ২০২৫ বৰ্ষৰ নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰি বিশিষ্ট লেখিকা বৰ্ণালী কটকী ওজাই অসমীয়া গীতত ভিন্ন জনগোষ্ঠী, বাৰেৰহনীয়া সংস্কৃতিৰ প্ৰভাবেৰে এক সুকীয়া পৰিচয়ৰ পৰিক্ৰমাৰে ন চেতনাৰে সঞ্জীৱত হৈ উঠিছিল বুলি মন্তব্য কৰে।
অসমীয়া লোকগীতক বিশেষ ৰূপত প্ৰাণবন্ত কৰা ড° ভূপেন হাজৰিকাৰ গীতত পুৰণি অসমীয়া লোকগীতৰ অসামান্য প্ৰভাৱ লক্ষ্য কৰা যায়। লোকগীতৰ সুৰে সুধাকণ্ঠৰ কণ্ঠত এক স্বকীয় লয় আৰু মাত্ৰা লাভ কৰিছিল। সুধাকণ্ঠৰ গীতি সাহিত্যত অসমৰ উজনি-নামনিৰ সাংগীতিক পৰম্পৰা একেকাৰ হৈ পৰিছে।
সুধাকণ্ঠৰ একাংশ গীতত অসমৰ ঐতিহ্যমণ্ডিত চাহ বাগানৰ গীতৰ সুৰৰ প্ৰভাব মন কৰিবলগীয়া। জুবিন গাৰ্গৰ গীতত লোকসংগীতৰ আৰু অন্যান্য জনগোষ্ঠীয় গীতসমূহ ন ৰূপত উপস্থাপন কৰি অসমীয়া লোকগীতক নতুন মাত্ৰা প্ৰদান কৰাই নহয়, আন্ত:ৰাষ্ট্ৰীয় স্তৰত অসমীয়া লোকগীতক প্ৰতিষ্ঠা কৰিছিল।
সুধাকণ্ঠৰ গীতৰ জনপ্ৰিয়তাৰ পৰা জুবিন গাৰ্গৰ উত্থানৰ মাজৰ ধূসৰ সময়ছোৱাৰ পৰা অসমীয়া থলুৱা গীত-মাত-সুৰক নৱপ্ৰজন্মৰ মাজত নকৈ জনপ্ৰিয়তাৰে সঞ্জীৱিত কৰি তুলিছিল জুবিন গাৰ্গে। কিছু সংখ্যক থলুৱা গীতক অঁনাতাৰ কেন্দ্ৰত আৱদ্ধ হৈ থকাৰ পৰা প্ৰায় উদ্ধাৰ কৰি স্বকীয় ৰূপত পুন:প্ৰতিষ্ঠা কৰিছিল জুবিন গাৰ্গে।
আনন্দিৰাম দাসৰ বনগীতসমূহো জুবিন গাৰ্গে ন মূৰ্চনাৰে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ গীত ন সুৰৰ,ন-চেতনাৰে পুনৰ্জীৱিত কৰি অসমত সাংস্কৃতিক ঐক্যৰ সূচনা কৰিছিল বুলিব পাৰি বুলি কৈ দুয়োগৰাকী শিল্পীয়ে পৰিৱেশন কৰি বহু গীতত কেনেকৈ লোকসংগীতৰ প্ৰভাৱ পৰিছিল তাক নিৰ্মোহভাৱে আলোকপাত কৰে।
উল্লেখ্য যে তেজপুৰৰ বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য্যৰ সহযোগত আন তিনিগৰাকী যন্ত্ৰ সংগীতৰ শিল্পীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সদ্য প্ৰয়াত পুৰোধা সংগীতশিল্পী চৈয়দ ছাদুল্লাৰ গীতৰ ওপৰত সুৰীয়া -সাংগীতিক অনুষ্ঠান পৰিৱেশন কৰে। লগতে শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভাইয়ো ভাষণ প্ৰদান কৰে।
তেওঁ কয়- প্ৰেছ ক্লাবৰ এই প্ৰয়াসে নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ জীৱন -দৰ্শনক বৰ্তমান প্ৰজন্মৰ পাথেয় কৰি তোলাত সহায়ক হৈছে বুলি মন্তব্য কৰি নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ জীৱনৰ বিভিন্ন দিশ স্মৰণ কৰে। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ প্ৰাক্তন ছাত্ৰ তথা ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সাংবাদিক পুলক কুমাৰ ডেকাই শাস্ত্ৰীৰ বিশেষ স্মৃতিচাৰণ কৰে।
আজিৰ এই অনুষ্ঠানতে প্ৰেছ ক্লাবে বিশিষ্ট শিক্ষাবিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ লগতে প্ৰথিতযশা অভিনেতা অৰুণ নাথ আৰু প্ৰবীণ অভিনেত্ৰী তথা নৃত্যশিল্পী কৃষ্ণা দাস নাথক আৰনাই ,চেলেং ,স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত তেজপুৰৰ অশীতিপৰ নামতি মঞ্জু দাসে বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা দিহানামৰ সংকলিত গ্ৰন্থ নাম অমৃত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসে ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আৰম্ভণিতে নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী কনকলতা দেৱীৰ লগতে কন্যা হিমাদ্ৰী শৰ্মা আৰু জোঁৱাই মৃণাল কুমাৰ শৰ্মাই ।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া সকলে অংশগ্ৰহন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us