নাড্ডাৰ পাছত কাৰ কান্ধত দায়িত্ব ? ২০ জানুৱাৰীত ঘোষণা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম

অৱশেষত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নতুন সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। ইতিমধ্যে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে দলটোৱে ১৬ জানুৱাৰীত প্ৰকাশ কৰিব নিৰ্বাচনী সমিতিৰ তালিকা।

author-image
Asomiya Pratidin
New Update
645

ডিজিটেল ডেস্ক : অৱশেষত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নতুন সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। ইতিমধ্যে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে দলটোৱে ১৬ জানুৱাৰীত প্ৰকাশ কৰিব নিৰ্বাচনী সমিতিৰ তালিকা। এই পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাসকলে ১৯ জানুৱাৰী ২০২৬ৰ দিনা দাখিল কৰিব পাৰিব মনোনয়ন।

নতুন দিল্লীৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত গ্ৰহণ কৰা হ’ব প্ৰাৰ্থীসকলৰ মনোনয়ন। আবেলি ২-০০ বজাৰ পৰা ৪-০০ বজালৈ গ্ৰহণ কৰিব মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰসমূহ আবেলি ৪-০০ বজাৰ পৰা ৫-০০ বজালৈ পৰীক্ষা কৰিব নিৰ্বাচনী সমতিয়ে।

কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব খুজিলে আবেলি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত ২০ জানুৱাৰী ২০২৬ত দলটোৱে নতুন সভাপতিৰ নাম ঘোষণা কৰিব।

বিজেপি