/asomiyapratidin/media/media_files/2025/09/24/422-2025-09-24-21-07-55.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গ বিহীন ৬টা দিন সম্পূৰ্ণ হ’ল। আজিও কাৰোৰে মনত নাই আনন্দ। নাই শাৰদীয় উন্মাদনা। অসমৰ আকাশ আজিও হৈ আছে গোমা।
স্বাভাৱিক জীৱন- যাপন কৰিবলৈও শকতি নাই অসমবাসীৰ। অকালতে হেৰুওৱা হিয়াৰ আমঠুক কোনোনো জনাব পাৰে বিদায়। মচিব নোৱাৰা স্মৃতিবোৰে এতিয়াও খুলি খুলি খাই আছে সকলোকে। নিজান- নিতাল পৰিৱেশত চকুলো টোকাৰ বাহিৰে যেন একো উপায় নাই।
ৰাজ্যবাসীয়ে মানিব ল’ব পৰা নাই, জুবিন গাৰ্গ যে আৰু এই মায়াময় ধৰাত নাই। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাক লৈ সকলোৱে ব্যস্ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈও বহুতে জনাইছে আবেদন।
অভিযুক্তক অতি সোনকালে চিনাক্ত কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰাইজে। অসমবাসীৰ এই আহ্বানৰ প্ৰতি মুখ্যমন্ত্ৰীয়েও জনাইছে সঁহাৰি। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ গঠন কৰিছে তদন্তকাৰী গোট।
বুধবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই গোট গঠন প্ৰক্ৰিয়া সম্পৰ্কত সামাজিক মাধ্যমত সবিশেষ সদৰী কৰিছে। তেওঁ কয়- আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত ত্বৰান্বিত গতিৰে অসম আৰক্ষীয়ে তদন্তৰ কাম কৰিছে৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে খন্তেক সময় আগতে হোৱা বৈঠকত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি শ্ৰী এম পি গুপ্তাৰ নেতৃত্বত ইতিমধ্যে এখন বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে ৷
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াকো উল্লেখ কৰে যে, আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ ৷
আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব। এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।