/asomiyapratidin/media/media_files/2025/08/18/116-2025-08-18-21-47-48.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : কদৰ্য্য নগৰীলৈ পৰিণত হৈছে সৌন্দৰ্যনগৰী তেজপুৰ একাধিক এলেকা । আশ্বৰ্যজনক বিষয় এয়ে যে ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ দুৱাৰমুখৰূপে পৰিচিত পদুমপুখু্ৰীপাৰৰ পৰিবেশ জংঘলময় হৈ পৰাৰ পিছতো হাত সাৱটি বহি আছে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, পৌৰসভা আৰু উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি।
ইফালে তেজপুৰ চহৰৰ মাজমজিয়াত লোকনিৰ্মাণ বিভাগৰ পথ বহু বছৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো মেৰামতিৰ প্ৰতি চকু দিবলৈ জিলা প্ৰশাসনৰ তিলমানো গুৰুত্ব নাই। উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ দেশৰ ভিতৰতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পুৰ্বতে বঁটা লাভ কৰা চহৰখন সম্প্ৰতি একমাত্ৰ পৌৰসভাৰ চূড়ান্ত গুৰুত্বহীনতাৰ কাৰণেই কৰ্দয্য নগৰীলৈ পৰিণত হৈছে ৷
ইমানেই নহয় বিজেপি নেতৃত্বাধীন পৌৰসভাৰ অদূৰদৰ্শিতাৰ বাবেই গেলা- নৰ্দমাৰ সন্মুখেৰে দিনৌ সহস্ৰাধিক লোকে নাকত ৰুমাল লৈ বছৰ বছৰ ধৰি যাতায়াত কৰি অহাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব নাই। এইক্ষেত্ৰত তেজপুৰ চহৰৰ এনে অৱস্থাই বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপটোকে উদঙাই দিছে।
অভিযোগ মতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস,উন্নয়ন কতৃৰ্পক্ষৰ সভাপতি বিশ্বদেৱ ভট্টচাৰ্য, পৌৰপতি ৰমেন তামূলীৰ লগতে পৌৰসভাৰ কাৰ্যবাহী বিষয়াইয়ো চহৰখন অপৰিস্কাৰ হৈ পৰাৰ পিছতো জংঘল-লেতেৰা-আৱৰ্জনা আতৰ কৰি পৰিস্কাৰ কৰি তোলাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই ৷ আনহাতে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ঘটনাই পৌৰসভাৰ বিৰুদ্ধে স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে৷ একেদৰে পৌৰ সভা এলেকাৰ বিভিন্নপ্ৰান্তত থকা পকীনলা নৰ্দমাবোৰো অতি বিপদজনকভাৱে জৰাজীৰ্ণ হৈ পৰা দেখা গৈছে ।
উল্লেখ্য যে ত্ৰিবেণীৰ পৰা কেকোৰাপুল সংযোগী পথৰ বাওঁকাষে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তথা বিশাল শ্বপিং মলৰ কাষত থকা পকী নলা জৰাজীৰ্ণ হৈ আজি বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকাত ৰাইজে দিনৌ নাকত ৰুমাল লৈয়ে অহা-যোৱা কৰি থকাৰ পিছতো কোনো ভ্ৰুক্ষেপ নাই ৷ এইক্ষেত্ৰত ৰাইজে ভগ্ন নলাৰ ওপৰত এখন পকী শ্লেব দিবৰ বাবে সুদীৰ্ঘ দিন ধৰি দাবী জনাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নাই।
একেদৰে উক্ত এলেকাতে লেতেৰা-আৱৰ্জনা পৰি থকাৰ পিছতো আঁতৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে ষ্টেট বেংকৰ সন্মুখত থকা পদুমপুখুৰী পাৰৰ পদপথটো বহু দিন ধৰি বন্ধ হৈ থকা দেখিও মুকলি কৰাৰ ক্ষেত্ৰত পৌৰসভাৰ কোনো ব্যৱস্থা নাই ৷
আনহাতে কেকোৰাপুলৰ পৰা ষ্টেট বেংক সংযোগী এই পদপথটোৰ পূৱ দিশত লোৰ ৰেলিং পেলাই থৈ যাতায়ত বন্ধ কৰি ৰখা হৈছে ৷ তদুপৰি সৌন্দৰ্যনগৰী তেজপুৰ চহৰৰ পদুমপুখুৰী আৰু বৰপুখুৰীপাৰৰ একাধিক এলেকাত জাবৰৰ দ’ম,অব্যৱহৃত তথা পুৰণি ভগ্ন ইটা য’তে ত’তে পৰি থকাৰ পিছতো পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত পৌৰসভা আৰু উন্নয়ন কতৃৰ্পক্ষই নিৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷
একেদৰে মুখ্য ডাকঘৰৰ পৰা গাৰোৱানপট্টি সংযোগী লোকনিৰ্মান বিভাগৰ অতি ব্যস্ত পথটোৰ বহু এলেকা এফালৰ পৰা জৰাজীৰ্ণ হৈ পৰাৰ লগতে অপৰিস্কাৰো হৈ পৰিছে ৷ দুৰ্ভাগ্যজনক বিষয় এয়ে যে পথটোৰ এনে জৰাজীৰ্ণ অংশবোৰৰ মেৰামতিৰ ক্ষেত্ৰটো জিলা প্ৰশাসন, পৌৰসভা, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু বিধায়কেও কোনো গুৰুত্ব নিদিয়াত যাতায়াত কৰাৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাত পৰিছে।
পৌৰসভা আৰু উন্নয়ন কতৃৰ্পক্ষৰ চকুৰ সন্মুখতে উৎকট গৰমৰ মাজতো গাৰোৱানপট্টি এলেকাত পথৰ ওপৰতে দুৰ্গন্ধময় পানী জমা হৈ পৰিৱেশ অতি বেয়া কৰাৰ পিছতো পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই ৷ উল্লেখ্য যে পদুমপুখু্ৰী পাৰৰ পৰা বাৰহলীয়া সংযোগী পথৰ বাওকাষে ,কেদাৰমল হাস্পতালৰ পূৱ দিশত, ঈদগাহ ফিল্ডৰ পৰা বাণ থিয়েটাৰ সংযোগী পথ জিলা পৰিষদৰ কাৰ্যালয়ৰ দুয়োদিশে থকা পকীনলাৰ শ্লেবৰ বহু অংশ জৰাজীৰ্ণ হৈ পৰাৰ পিছতো তিলমানো মেৰামতি নকৰাত বিপদজনক হৈ পৰিছে।
একেদৰে তেজপুৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সমীপত পেলনীয়া সামগ্ৰী আৰু লেতেৰা আৱৰ্জনাৰে এক দাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হোৱা দেখিও পৌৰসভাৰ গুৰুত্ব নাই ৷ ইয়াৰোপৰি তেজপুৰ চহৰৰ কাষতে নিচেই থকা মৰাভৰলী দলঙৰ দুয়ো ফালেই সম্প্ৰতি লেতেৰা আৱৰ্জনা আদিৰে দাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈ উৎকট দুৰ্গন্ধৰ বাবে যাতায়াত কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে। ইয়াৰ লগতে পৌৰসভাৰ ১৯ টা ৱাৰ্ডৰ বহু এলেকাতো ৰ্দুগন্ধময় আৱৰ্জনা পৰি থকাতো এক সাধাৰণ ঘটনালৈ পৰিণত হৈছে ৷