অসম পালেহি বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ

অসমৰ ভূমিত অৱতৰণ কৰিলে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কঢ়িয়াই অনা বিমান। মঙলবাৰে পুৱাই চেন্নাইৰ পৰা পোনে পোনে আহি পালেহি দীপক শৰ্মাৰ নশ্বৰদেহ। 

author-image
Asomiya Pratidin
New Update
123

ডিজিটেল ডেস্ক : অসমৰ ভূমিত অৱতৰণ কৰিলে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কঢ়িয়াই অনা বিমান। মঙলবাৰে পুৱাই চেন্নাইৰ পৰা পোনে পোনে আহি পালেহি দীপক শৰ্মাৰ নশ্বৰদেহ। 

WhatsApp Image 2025-11-04 at 7.14.09 AM

ইয়াৰ পাছতে তেওঁক লৈ যোৱা হ’ব গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত বাসগৃহলৈ। তাত ধৰ্মীয় নীতি- নিয়ম অনুসৰি শেষ শ্ৰদ্ধা নিবেদন কৰিব পৰিয়ালৰ লোকে। তাৰ পাছতে অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ'ব দীপক শৰ্মাৰ নশ্বৰ দেহ । তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

তাৰ পাছতে বিয়লিৰ ভাগত দীপক শৰ্মাৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব। তাত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

WhatsApp Image 2025-11-04 at 7.14.02 AM

প্ৰণিধানযোগ্য যে, ৩ নৱেম্বৰ ২০২৫ সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বাঁহীবাদক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী।

দীপক শৰ্মা বাঁহীবাদক দীপক শৰ্মা