জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত শংকিত হৈ পৰিছে গঞা ৰাইজ। হাতী - মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷

author-image
Asomiya Pratidin
New Update
603

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত শংকিত হৈ পৰিছে গঞা ৰাইজ। হাতী - মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷

কিছুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই জনসাধাৰনক আতংকিত কৰি ৰখাৰ পিছতো বনবিভাগে বনৰীয়া হাতী প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷ বুধবাৰৰ নিশা জামুগুৰিহাটৰ দীপাটোলা আৰু কৰতিপাৰ গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই  বাসগৃহ আৰু ভঁৰাল ঘৰ আদি ভাঙি তহিলং কৰিছিল ৷  

WhatsApp Image 2026-01-09 at 9.01.13 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা  বনৰীয়া হাতীৰ জাকে দীপাটোলা গাঁৱৰ ৰতন ভূজেলৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতে গাঁওখনৰে গংগা থাপা নামৰ লোকজনৰো গোহালি ঘৰ ভাঙি তহিলং কৰিছিল ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে নিশাও প্ৰায় ১-০০ বজাত পুনৰ বনৰীয়া হাতীৰ জাকে জামুগুৰিহাটৰে কৰতিপাৰ গাঁওখনত প্ৰৱেশ কৰি বিৰেন নাথ নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি নষ্ট কৰি প্ৰায় ১৪ কুইন্টল ধান খাই উদং কৰে ৷

WhatsApp Image 2026-01-09 at 9.01.12 AM

অৱশ্যে বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা পৰিয়ালসমূহৰ লোকসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত গঞা ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ 

অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱৰ খৱৰ পোৱাৰ পিছতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা গাঁওসমূহত উপস্থিত হৈ বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষয়-ক্ষতিৰ বুজ লৈ প্ৰশাসনৰ তৰফৰ প্ৰয়োজনীয় ক্ষতিপুৰণ আদায় দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ লগতে বনবিভাগক বনৰীয়া হাতী প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

বনৰীয়া হাতী