/asomiyapratidin/media/media_files/2025/09/06/264-2025-09-06-16-21-21.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : শুকুৰবাৰে ওদালগুৰি লায়ন্স ক্লাবৰ এখনি সাধাৰণ সভা ক্লাৱৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। ফনীধৰ ওজাই আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে ক্লাবৰ সভাপতি হৰিচন্দ আগৰৱালাই।
সভাখনত অতিথি হিচাপে ইপস্থিত থাকি ডিজি পংকজ পোড্ডাৰ, জিএছটি কোঅৰ্ডিনেটৰ ৰিচব লুধীয়া আৰু ৰাজকুমাৰ বিয়ে ওদালগুৰি লায়ন্স ক্লাৱৰ কাৰ্যক প্ৰসংশা কৰে। লগতে তেওঁলোকে ক্লাৱটো পৰিদৰ্শন কৰি আগন্তুক দিনত কৰিবলগীয়া কামৰ বিষয়ে আলোচা কৰে।
উল্লেখ্য যে ওদালগুৰি লায়ন্স ক্লাৱে বিগত দিনবোৰত চকু পৰীক্ষা শিবিৰ, জিৰণি চৰা নিৰ্মাণ, নামঘৰ জোটা চেণ্ডেল ৰখা স্থান নিৰ্মাণ, চকু অস্ত্ৰোপচাৰ, মৃতদেহ কঢ়িওৱা স্বৰ্গৰথ বাহন, শিক্ষাৰ্থীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা, বিভিন্ন জাতীয় তথা ধৰ্মীয় অনুষ্ঠানত কৰা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। লগতে ওদালগুৰি লায়ন্স ক্লাৱে অঞ্চলটোৰ দুখীয়া শিক্ষাৰ্থীৰ বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণৰ দৰে কাৰ্যও হাতত লৈ আহিছে।
আনকি চহৰখনৰ এগৰাকী ছাত্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ অন্তত পঢ়াৰ সকলো খৰচ ডিজি পংকজ পোড্ডাৰে ল'ব বুলিও ঘোষণা কৰে। ইফালে আগন্তুক দিনত এটি ৱাটছ্ টাৱাৰ নিৰ্মাণ, জিৰণি চৰা নিৰ্মা, চকু অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আলোচনা কৰা হয়। এই সভাত ওদালগুৰি লায়ন্স ক্লাৱৰ বিষয়ববীয়াসকল উপস্থিত থাকে।