/asomiyapratidin/media/media_files/2025/11/09/1-2025-11-09-09-32-16.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ দেওবাৰে পুৱতি নিশা মৰিকলং আৰক্ষীৰ জালত নগাঁৱৰ অন্তৰ্গত মৰিকলঙত সংঘটিত জঘন্য ঘটনাৰ ঘাটক প্ৰভাত হাজৰিকা।মৰিকলং আৰক্ষীয়ে কঠিয়াতলীৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰভাত হাজৰিকাক। অভিযুক্তৰ হাজৰিকাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত দা খন। বৰ্তমান নগাঁও সদৰ থানাত ৰাখিছে দম্পত্তী হত্যাৰ অপচেষ্টা কৰা প্ৰভাত হাজৰিকাক।
উল্লেখ্য যে, শনিবাৰে পুৱতি নিশা সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি পুৱতি নিশা নিজ বাসগৃহত তেজেৰে তুমুৰলি হৈ পৰি আছিল এক দম্পতী। এখন চোকা দাৰে দুয়োগৰাকীৰ হাত আৰু পেটত কেইবাটাও প্ৰচণ্ড ঘাপ মাৰি তেওঁলোকক জ্বলাই দিয়াৰ চেষ্টা কৰিছিল ভুক্তভোগীৰ ধৃত পালিত পুত্ৰই।
তেজেৰে ৰাঙলী হৈ থকা স্বামী হৰেন্দ্ৰ নাথ বৰা আৰু পত্নী দিপ্তী বৰা ঘৰ নগাঁও মৰিকলঙত। হৰেন্দ্ৰ নাথ বৰা এখন ছোৱালী হাইস্কুলৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ লোৱাৰ বিপৰীতে পত্নী দিপ্তী বৰাই অৱসৰগ্ৰহণ কৰিছিল জিলা সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা।
এগৰাকী কন্যা সন্তানৰ পিতৃ হৰেন্দ্ৰ নাথ বৰাই শিক্ষকতা কৰি থকা সময়তে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীৰ ভাগিনীয়েকক তুলি-তালি ডাঙৰ- দীঘল কৰাৰ দায়িত্ব লৈছিল। সময় আগবঢ়াৰ লগে-লগে দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰভাত হাজৰিকাক মৰিকলঙস্থিত হাইস্কুলত পঢ়িবলৈ নামভৰ্তি কৰাই দিছিল।
কিন্তু পঢ়াৰ পৰিবৰ্তে আন কাম কৰিবলৈ আগ্ৰহী প্ৰভাত বৰাই নৱম শ্ৰেণীতে শৈক্ষিক জীৱনৰ সামৰণি পেলায়। পৰৱৰ্তী সময়ত মৰিকলঙৰ হৰেন্দ্ৰ নাথ বৰাৰ ঘৰৰ পৰা ওলাই প্ৰভাত নিজৰ পুৰণি জাজৰি ঘৰলৈ ঘূৰি যায়। বহু বছৰৰ বিৰতিৰ পাছত এদিন এটা কণমানি লগত লৈ অধ্যক্ষ বৰাৰ ঘৰত উপস্থিত হয় প্ৰভাত হাজৰিকা।
অধ্যক্ষগৰাকীৰ ঘৰত ভাত-পানী খাই কিছু টকা লৈ বিদায় লয় প্ৰভাতে। এনেদৰে বিপদে আপদে বহু বছৰৰ পাছে পাছে আহি থাকিবলৈ লৈছিল প্ৰভাতে। কেইদিনমানৰ আগত এদিন পত্নীক লৈ পুনৰ বৰাৰ গৃহত উপস্থিত হৈছিল প্ৰভাত হাজৰিকা।
এইবাৰ পত্নীৰ চিকিৎসাৰ বাবে বিচাৰিছিল ৫০ হাজাৰ টকা। কিন্তু হৰেন্দ্ৰ নাথ বৰা কিছু অসুবিধা থকাৰ কথা উল্লেখ কৰি সেই ধন দিব পৰা নহ'ব বুলি কৈছিল। সেইদিনা কিছু খঙেৰে ঘৰখনৰ পৰা বিদায় লৈছিল প্ৰভাতে।
কিন্তু বহু বাৰ ফোনযোগে উক্ত ধন দিবলৈ একপ্ৰকাৰৰ দাবী জনাই হৰেন্দ্ৰ নাথ বৰাক ভাবুকি দিছিল প্ৰভাত হাজৰিকাই । শেষত শনিবাৰে পুৱতি নিশা ঘৰত প্ৰবেশ কৰি ৫০ হেজাৰ টকা বিচাৰি নাপাই শুই থকা অৱস্থাতে দুয়োজনকে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে।
পতি- পত্নীৰ চিঞৰত চুবুৰীয়া উপস্থিত হোৱাত পলায়ন কৰে প্ৰভাত হাজৰিকাই। বৰ্তমানো নগাঁও আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াব পৰা নাই প্ৰভাত হাজৰিকাৰ। আনহাতে চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে পতি পত্নী দুয়োগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us