/asomiyapratidin/media/media_files/2025/05/06/BGNeub3ctrG7KyUeREQn.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : অসম আৰক্ষীৰ ভিতৰচ’ৰাত সংস্কাৰ সাধন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক যেন ভৰিৰে মোহাৰিছে একাংশ কাণ্ডজ্ঞানহীন আৰক্ষী বিষয়াই। লঘু দোষত আচামীক থানাৰ ভিতৰত বান্ধি লৈ তালিবানী শাস্তি দিয়া একাংশ আৰক্ষী বিষয়াৰ ভুলৰ বাবেই এতিয়া বদনামী হৈ পৰিছে আৰক্ষী বিভাগ।
এগৰাকী উপ পৰিদৰ্শক পৰ্য্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা তেনে এক ঘটনাই সংঘটিত হ'ল বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানাত। আৰক্ষী থানাখনৰ হাইদৰ হুছেইন নামৰ এগৰাকী উপ পৰিদৰ্শকে লঘু দোষত এগৰাকী আচামীক থানাৰ ভিতৰত গুৰুলাগুৰলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।
প্ৰণিধানযোগ্য যে, ঘটনাটো যোৱা ৩ মে'তে সংঘটিত হৈছিল যদিও মঙলবাৰেহে সমগ্ৰ কাহিনী পোহৰলৈ আহে। ঘটনাৰ বিৱৰণী অনুসৰি গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰণিজানৰ পিংকু বৰা ওৰফে কণভাই বৰা নামৰ দিন হাজিৰা কৰা যুৱকজনক যোৱা ৩ মে'ত ঘৰৰ পৰা উঠাই আনিছিল উপ পৰিদৰ্শক হাইদৰ হুছেইনৰ নেতৃত্বত যোৱা গহপুৰ আৰক্ষীৰ এটা আৰক্ষীৰ দলে।
পিংকু বৰাৰ পিতৃ মেঘৰাজ বৰাই পুত্ৰ পিংকুৰ বিৰূদ্ধে দিয়া অভিযোগৰ ভিত্তিত পিংকুক থানালৈ আনিছিল আৰক্ষীয়ে। কিবা ঘৰুৱা কথাত পিত-পুত্ৰৰ মাজত হোৱা তৰ্কাতৰ্কিৰ বাবে পিতৃ মেঘৰাজ বৰাই দিয়া অভিযোগৰ ভিত্তিত থানালৈ লৈ অহা হৈছিল পিংকু বৰাক।
এইক্ষেত্ৰত পিংকু বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, সেইদিনা থানালৈ নি প্ৰথমে লক- আপত ভৰাই থয় তেওঁক। তাৰ পিছত নিশা লক- আপৰ পৰা উলিয়াই আনি চি চি টিভিৰ কেমৰাই ঢুকি নোপোৱা স্থানলৈ লৈ যায় পিংকুক।
তাৰ পিছত সেই স্থানত থকা পায়খানা ঘৰৰ ভিতৰত সুমুৱাই দুয়োখন হাত ওপৰলৈ ডাঙি পিঠি আৰু তপিনাত গুৰুলাগুৰলকৈ প্ৰহাৰ কৰে তেওঁক। বেটেৰে প্ৰহাৰ কৰাৰ উপৰিও দেহৰ বিভিন্ন অংশত প্ৰচণ্ড গোৰ শোধোৱা হয় তেওঁক।
উপ পৰিদৰ্শক হাইদৰ হুছেইনৰ নেতৃত্বত তিনিজনীয়া আৰক্ষী এটা দলে চলোৱা নিৰ্মম প্ৰহাৰত পিঠি-তপিনাকে ধৰি দেহৰ বিভিন্ন অংশ চেৰেলা চেৰেল হৈ যায় আৰু তেজ বিৰিঙি আহে। নিশা তেওঁক তেনে দেহাৰে পুনৰ লক- আপত ভৰাই থয়।
৪ মে'ৰ দুপৰীয়া পিংকু বৰাৰ পত্নীয়ে তেওঁক ভাত দিবলৈ আহে থানালৈ। কিন্তু উপ পৰিদৰ্শক গৰাকীয়ে ভাত পানী খোৱাতো বাধা দিয়ে পিংকু বৰাক। যি কথা নিজ মুখে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে পিংকু বৰাই। আৰক্ষীৰ নিৰ্মম প্ৰহাৰত দেহত যথেষ্ট বিষ অনুভৱ কৰা পিংকু বৰাক তেনে দেহাৰেই থানাৰ প্ৰস্ৰাৱ- পায়খানা ঘৰ আৰু লক-আপৰ পায়খানা ঘৰ চফা কৰিবলৈ দিয়াৰ লগতে থানাৰ চোতাল সাৰিবলৈ লগাই উপ পৰিদৰ্শক হাইদৰ হুছেইনে।
উক্ত চাফাই কৰ্মৰ বাবে বহু দুৰৰ পৰা ডাঙৰ ডাঙৰ টিঙত পানী কঢ়িয়াবলৈয়ো লগাই পিংকু বৰাক। ইয়াৰ পিছত থানাৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় তেওঁক। ঘৰত গৈ পোৱাৰ পিছত বিছনাত ঢলি পৰে তেওঁ। অসহ্য বিষত ভুগি পিংকু তললৈ চাপৰিব নোৱাৰা হয়।
পুত্ৰৰ এনে অসহনীয় ৰূপ দেখি থানাত অভিযোগ দিয়া পিতৃও আবেগিক হৈ পৰে। এইক্ষেত্ৰত পিতৃ মেঘৰাজ বৰাই সংবাদ মাধ্যমৰ আগত কয় "মই তেওঁক বুজাবৰ বাবেহে আৰক্ষীক অভিযোগ দিছিলো। ইমানকৈ পিটিবৰ বাবে আৰক্ষী থানাত অভিযোগ দিয়া নাছিলো। তেওঁৰ অৱস্থা দেখি মোৰ বহুত দুখ লাগিছে"।
গহপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক হাইদৰ হুছেইনে তালিবানী কায়দাৰে পিংকু বৰাক শাস্তি দিয়া কাৰ্য্যক একেমুখে গৰিহণা আৰু ধিক্কাৰ দিছে খাৰণিজানবাসী ৰাইজে। এইক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উপযুক্ত শাস্তিৰ দাবী তুলিছে।
উল্লেখযোগ্য যে, পিংকু বৰাৰ ওপৰত কৰা এই অমানুষিক অত্যাচাৰৰ কথা ৰাজহুৱা হৈ পৰাৰ পিছত কালি হাইদৰ হুছেইনে পিছবেলা পিংকুক অতি সন্তপৰ্ণে গাড়ীত তুলি লৈ যায় চিকিৎসাৰ বাবে। একেদৰে আজিও পুনৰ চিকিৎসাৰ বাবে লৈ যায় তেওঁক।
তদুপৰি পিংকুৰ পৰিয়ালক এসপ্তাহৰ বাবে খাদ্য সামগ্ৰীৰ যোগানো ধৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। জানিব পৰামতে আৰক্ষী বিষয়াগৰাকীয়ে এই বিষয়টো থাপি থুপি থ’বলৈ কাবৌ কাকূতি কৰিছে পিংকু বৰাৰ পৰিয়ালক।
দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই অহা পিংকু বৰাই এতিয়া বিছনাত শুই থকাৰ বাহিৰে একো কৰিব নোৱাৰা অৱস্থা। দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ একমাত্ৰ উপাৰ্জমক্ষম ব্যক্তি পিংকু বৰাৰ এন শাৰীৰিক অৱস্থাত এতিয়া চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে। এইক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।