২০২৩-২৪ চনত ৭৭.৫%লৈ বৃদ্ধি গ্ৰাম্য সাক্ষৰতাৰ হাৰ...

১৪.৫ শতাংশ পৰ্যন্ত মহিলাৰ সাক্ষৰতা বৃদ্ধি পাইছে। যিটো ৫৭.৯৩%ৰ পৰা এই সময়ছোৱাত ৭০.৪%লৈ বৃদ্ধি পাইছে। পুৰুষৰ সাক্ষৰতাও উন্নত হৈ ৭৭.১৫%ৰ পৰা ৮৪.৭%লৈ বৃদ্ধি পাইছে। 

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ  ভাৰতৰ গ্ৰাম্য অঞ্চলৰ সাক্ষৰতাৰ হাৰ বিগত দশকতকৈ ১০ শতাংশলৈ বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি গ্ৰাম্যাঞ্চলত ৭ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিৰ মাজত ২০১১ চনত ৬৭.৭৭%ৰ পৰা ২০২৩-২৪ চনত ৭৭.৫%লৈ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে । 

Advertisment

এই বৃদ্ধিৰ আঁৰত মূল কাৰণ হৈছে মহিলাৰ সাক্ষৰতা বৃদ্ধি। তথ্য অনুসৰি ১৪.৫ শতাংশ পৰ্যন্ত মহিলাৰ সাক্ষৰতা বৃদ্ধি পাইছে। যিটো ৫৭.৯৩%ৰ পৰা এই সময়ছোৱাত ৭০.৪%লৈ বৃদ্ধি পাইছে। পুৰুষৰ সাক্ষৰতাও উন্নত হৈ ৭৭.১৫%ৰ পৰা ৮৪.৭%লৈ বৃদ্ধি পাইছে। 

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সোমবাৰে লোকসভাত ১০০% গ্ৰাম্য সাক্ষৰতা লাভৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টা, প্ৰত্যাহ্বান আৰু কৌশল সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি এই পৰিসংখ্যা ভাগ কৰে। “প্ৰাপ্তবয়স্কসকলৰ গ্ৰাম্য সাক্ষৰতাকে ধৰি সাক্ষৰতাৰ হাৰ উন্নত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত কেইবাটাও আঁচনি আৰু কাৰ্যসূচী আৰম্ভ কৰিছে।

সেই সমূহ ক্ৰমে-  সমগ্ৰ শিক্ষা অভিযান, সাক্ষৰ ভাৰত, পঢ়না লিখনা অভিযান আৰু চলি থকা উল্লাছ-নৱ ভাৰত সাক্ষৰতা কৰ্মক্ৰম। লগতে তেওঁ কয় যে, এই পদক্ষেপসমূহে বিশেষকৈ গ্ৰাম্য আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত ইতিবাচক ফলাফল দিছে।”

উল্লেখ কৰা প্ৰয়োজন যে, 'উল্লাস' আঁচনিৰ জৰিয়তে নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম অধীনত ১৫ বছৰৰ ওপৰৰ নিৰক্ষৰ লোক সকলৰ শিক্ষা বা লিখা-পঢ়া-শুনা কৰিব, নিজৰ নামটো লিখিব পৰাকৈ চৰকাৰে এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰাপ্তবয়স্ক সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লাস আঁচনিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। 

চৌধুৰীয়ে সদনক অৱগত কৰে যে, উল্লাসৰ অধীনত আমি ২ কোটিতকৈ অধিক শিক্ষাৰ্থীক সফলতাৰে পঞ্জীয়ন কৰাইছো। ইতিমধ্যে ১ কোটিতকৈ অধিক ব্যক্তিয়ে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰচি এচেছমেণ্ট টেষ্ট (এফ এল এন এ টি)ৰ বাবে উপস্থিত হৈছে।

 এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ইতিমধ্যে ১০.৮৭ লাখতকৈ অধিক শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে আৰু ৪ লাখ শিক্ষাৰ্থী এফ এল এন এ টিৰ বাবে হাজিৰ হৈছে। চৌধুৰীয়ে লগতে প্ৰকাশ কৰে যে, অৱশ্যে বিহাৰে এতিয়াও উল্লাসৰ পদক্ষেপ কাৰ্যকৰী কৰিব পৰা নাই। ইমানখিনি লাভৰ পিছতো গ্ৰাম্য অঞ্চলত ১০০% সাক্ষৰতা অৰ্জন কৰাটো এক বৃহৎ প্ৰত্যাহ্বান।

সাক্ষৰতা