অভিজিত শৰ্মা বৰুৱাৰ নৱতম গ্ৰন্থ "অনন্যা সুনীতা" উন্মোচন

অসমৰ এগৰাকী বিশিষ্ট লেখক অভিজিত শৰ্মা বৰুৱাৰ নৱতম গ্ৰন্থ " অনন্যা সুনীতা" মঙলবাৰে চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুলৰ অধ্যক্ষৰ কাৰ্য্যালয়ত  উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
292

ডিজিটেল সংবাদ, চিদলী : অসমৰ এগৰাকী বিশিষ্ট লেখক অভিজিত শৰ্মা বৰুৱাৰ নৱতম গ্ৰন্থ " অনন্যা সুনীতা" মঙলবাৰে চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুলৰ অধ্যক্ষৰ কাৰ্য্যালয়ত  উন্মোচন কৰা হয় । শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত কিতাপখন উন্মোচন কৰে বিদ্যালয়খনৰ অধ্যক্ষ বিজয় কুমাৰ শৰ্মাই।

শৰ্মাই কিতাপখন কেৱল ছাত্ৰ-ছাত্ৰীৰে  নহয়, যিকোনো বয়সৰ পঢ়ুৱৈৰ বাবে সাহস আৰু অনুপ্ৰেৰণাৰ উৎস হ'ব বুলি  আশা ব্যক্ত কৰে। মহাকাশচাৰী সুনীতা উইলিয়ামছৰ উপন্যাসোপম জীৱন গাঁথা ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ লিখি উলিওৱা অভিজিত শৰ্মা বৰুৱাই ইতিমধ্যে ভিন্ন বিষয়ৰ শতাধিক গ্ৰন্থ ৰচনা কৰিছে ।

বৰ্তমান "বিজ্ঞান জেউতি" আৰু "হিয়াৰ ৰামধেনু"ৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা অভিজিত শৰ্মা বৰুৱা শিশু সাহিত্যিক ,গল্পকাৰ , ঔপন্যাসিক ,জীৱনীকাৰ ,নাট্যকাৰ ,প্ৰৱন্ধকাৰ সৰ্বোপৰি তেখেত এজন অতি জনপ্ৰিয় বিজ্ঞান লেখক । বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা , অসম সাহিত্য সভাৰ ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা , অসমীয়া শিশু সাহিত্য বঁটা আদি সন্মানেৰে বিভূষিত  অভিজিত শৰ্মা বৰুৱাই ইতিমধ্যে সফলতাৰে কাৰ্যনিৰ্বাহ কৰি "অসম শক্তি বিতৰণ কোম্পানী লিমিটেড"ৰ মুখ্য মহাপ্ৰবন্ধক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ সঞ্জীৱন প্ৰকাশনে ।

গ্ৰন্থ