/asomiyapratidin/media/media_files/2025/09/28/440-2025-09-28-17-43-37.jpg)
ডিজিটেল ডেস্ক : সাংগীতিক জীৱনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম আছিল ‘অনামিকা’। ১৯৯২চনৰ দুৰ্গা পূজাৰ ষষ্ঠী পূজাৰ দিনাৰ মুক্তি লাভ কৰিছিল এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত জুবিন গাৰ্গৰ ‘অনামিকা’ শীৰ্ষক এলবামটি। একেদৰে চিনেমাত গোৱা প্ৰথমটো গীত আছিল ‘বুকু দুৰু দুৰু লাগে কিয় বাৰু...’ শীৰ্ষক গীতটি।
আনহাতে ‘হিয়া দিয়া নিয়া‘ চিনেমাৰযোগোদি অসমীয়া চলচ্চিত্ৰ জগতত এগৰাকী সংগীত পৰিচালক হিচাপে অভিষেক ঘটাইছিল জুবিন গাৰ্গে। ইয়াৰ পাছত আৰু তেওঁ থমকি ৰ’ব লগা হোৱা নাই।
ইখনৰ পাছত সিখন চিনেমাত গীত গোৱাৰ লগতে সংগীত পৰিচালনা কৰি গৈছে। তেওঁ অসমীয়া চিনেমা তথা সংগীতক দিছে অনস্বীকাৰ্য অৱদান।
বিভিন্ন গুণৰ আকৰ জুবিন গাৰ্গে ২০০০চনত পোনতে এগৰাকী চিনেমা পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰিছিল। এন কে প্ৰডাকচন প্ৰযোজিত ‘তুমি মোৰ মাথোঁ মোৰ‘ ছবিখনৰ পৰিচালনা, সংগীত, কাহিনী আদিৰ লগতে প্ৰথমবাৰৰ বাবে অভিনয়ো কৰিছিল জুবিন গাৰ্গে।
কিন্তু এই সকলোবোৰৰ মাজতো জুবিন গাৰ্গৰ অন্তিমটো বাণীবদ্ধ গীত কি আছিল তাক জানিবলৈ মন নাযায়নে ? কাৰ গীত, কাৰ সংগীত, ক’ত, কেতিয়া গাইছিল তেওঁ এই বিশেষ গীতটি। তেন্তে জানো আহক জুবিন গাৰ্গ বিহীন এই সময়ত এতিয়া বিশেষ হৈ পৰা গীতটিৰ বিষয়ে।
জানিব পৰা মতে ৰাজধানী থিয়েটাৰৰ ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে গাইছিল জুবিন গাৰ্গে এই গীতটি। ‘বিসৰ্জন’ নাটকৰ এই বিশেষ গীতটিৰ নাম হৈছে ‘বাটৰে শেষতে, বাট চাও তোমালে...‘ এই গীতটিৰ গীতিকাৰ হৈছে বিজিত, গীতটি কম্পোজিছন কৰিছে জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে। তাৰোপৰি গীতটিৰ মিক্সিং জুবিন গাৰ্গৰে বাদ্যযন্ত্ৰী শিল্পী দ্বীপকেশ বৰগোঁহাইৰ।
এই শীৰ্ষক গীতটি জুবিন গাৰ্গে নিজৰ ষ্টুডিঅ’ত বাণীবদ্ধ কৰিছিল। ২ ছেপ্তেম্বৰত হেনো এই গীতটি গাইছিল তেওঁ। আৰু তাৰ কেইদিনমান পাছতে উৰা মাৰিছিল ছিংগাপুৰলৈ বুলি। তাৰ পাছৰ ঘটনা এতিয়া সকলোৰে মুখে মুখে...