কলাক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অন্তিম দিনঃ অনুষ্ঠিত হ'ব কৰ্ণধাৰ সমিতিৰ কেবাখনো বৈঠক

ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে নির্বাচনলৈ সময় যথেষ্ট কম থকাৰ পৰিপ্ৰেক্ষিতত সকলোকে উৎসর্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা অন্তিম দিন। নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে কেইবাখনো উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব।

শুকুৰবাৰে দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত প্ৰথমদিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক বৈজন্ত জয়পাণ্ডা, কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলৰ মন্ত্ৰী-বিধায়ক তথা আঠ শতাধিক কার্যকর্তা উপস্থিত থাকে।

সভাত আসন্ন বিধানসভা নির্বাচন, সাংগঠনিক বিস্তাৰ, চৰকাৰৰ সাফল্যসমূহ জনতাৰ মাজলৈ লৈ যোৱাৰ ৰণনীতি আদিক লৈ মূলতঃ আলোচনা কৰা হয়। ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে নির্বাচনলৈ সময় যথেষ্ট কম থকাৰ পৰিপ্ৰেক্ষিতত সকলোকে উৎসর্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

 বুথ পর্যায়ত দলক অধিক শক্তিশালী কৰাৰ পোষকতা কৰি বুথ শক্তিশালী হ'লে নির্বাচনত জয়ী হ'বলৈ বিশেষ অসুবিধা নহ'ব বুলি শ্রী নবীনে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্রত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ দৰে অসমতো তৃতীয়বাৰলৈ এন ডি এৰ চৰকাৰ হ'ব বুলি তেওঁ আস্থা প্রকাশ কৰে।

কলাক্ষেত্ৰ