/asomiyapratidin/media/media_files/2025/09/19/new-ap-webzg-2025-09-19-17-13-42.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ ইতিহাসতে বিৰল এই দৃশ্য। দেখা গ'ল প্ৰথমবাৰৰ বাবে শোকত ভাগি পৰিল সকলোৱে। বহু দুখৰ খবৰ গহীন- গাম্ভীৰ্ষৰ বাবে দিয়া সংবাদমাধ্যমৰ লোক, সাংবাদিক, বাতৰি পৰিৱেশকসকলে আজি যেন কেমেৰাৰ সন্মুখত ধৰি ৰাখিব নোৱাৰিলে শোকৰ চকুপানী।
ছিংগাপুৰৰ পৰা অহা জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ দিবলৈ গৈ প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক, বাতৰি পৰিৱেশক আদি সকলোৱে এই খবৰ দি উচুপি উঠাৰ দৃশ্য অসমবাসীয়ে প্ৰত্যক্ষ কৰিলে। শোকত ভাগি পৰিল জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বতৰা পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা প্ৰতিজন লোক।
এনে দৃশ্য সাধাৰণতে দেখা পোৱা নাযায়। জুবিন গাৰ্গক লৈ অসম আৰু অসমীয়া কিমান আবেগিক আছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ নিউজ ডেস্কত এই খবৰ পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। সংবাদ মাধ্যমৰ লোকসকলে সেই খবৰ দিয়াৰ সলনি টিভিৰ পৰ্দাত দেখা পোৱা গল কান্দোনত ভাগি পৰাৰ দৃশ্য।
একেই পৰিৱেশে বিৰাজ কৰিলে প্ৰায় প্ৰতিটো সংবাদ মাধ্যমৰ কাৰ্যালয়ত। অসমৰ সৰ্বত্ৰে এতিয়া শোকৰ চকুপানী। বিশ্বাস কৰিব পৰা নাই জুবিনহীন সময়ৰ কথা।