১ জানুৱাৰীৰ পূৰ্বে সন্দেহযুক্ত নাগৰিকক উজনি অসম ত্যাগ কৰাৰ হুংকাৰ জাতীয় সংগ্ৰামী সেনা অসমৰ

চিতু বৰুৱাই পুনৰ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ কথা স্পষ্ট কৰি কয়, বাংলাদেশত সংঘটিত সাম্প্ৰতিক ঘটনাৰ প্ৰভাৱ উজনি অসমলৈ বিস্তাৰ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিৱসাগৰঃ   বাংলাদেশী মিঞাৰ বিৰুদ্ধে সৰৱ হৈ আজি শিৱসাগৰত সংবাদমেল আয়োজন কৰে জাতীয় সংগ্ৰামী সেনা অসমে। সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চিতু বৰুৱা, জিলা সভাপতি ৰিতুৰাজ বৰুৱা, কাৰ্য্যকৰী সভাপতি অমৰ নেওঁগ, কেন্দ্ৰীয় উপ-সভাপতি দেৱৰাজ ভৰালী সহ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।

সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে উজনি অসমত বসবাস কৰা সন্দেহযুক্ত বাংলাদেশী নাগৰিকক  উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চিতু বৰুৱাই কয় যে, বাংলাদেশী মিঞাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ প্রশংসাৰ পাত্ৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই থকা উচ্ছেদ অভিযানত জাতীয় সংগ্ৰামী সেনা অসমে পূৰ্ণ সমৰ্থন আগবঢ়ায় বুলিও তেওঁ সদৰী কৰে। উক্ত সংবাদমেলতে চিতু বৰুৱাই পুনৰ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ কথা স্পষ্ট কৰি কয়, বাংলাদেশত সংঘটিত সাম্প্ৰতিক ঘটনাৰ প্ৰভাৱ উজনি অসমলৈ বিস্তাৰ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

উজনি অসমলৈ সন্দেহযুক্ত নাগৰিকৰ অবাধ আগমণ চিন্তাৰ বিষয়, এই পৰিস্থিতি ৰাজ্যৰ সুৰক্ষা আৰু সামাজিক শান্তিৰ বাবে ভাবুকি হৈ উঠিব পাৰে। এই পৰিপ্ৰেক্ষিতত সংগঠনটোৱে পহিলা জানুৱাৰীৰ পূৰ্বে সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে।

জানুৱাৰীৰ পৰা উজনি অসমত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ হ’ব বুলিও তেওঁ ঘোষণা কৰে। উল্লেখিত সময়সীমাৰ ভিতৰত সন্দেহজনক নাগৰিকে উজনি অসম ত্যাগ নকৰিলে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰাৰ সকীয়নি দিয়ে চিতু বৰুৱাই।

 তেওঁ লগতে কয় যে, ৰাজমিস্ত্ৰী, মাছ বিক্ৰেতা, ফেৰীৱালা আদি শ্ৰমিকৰ বেশেৰে উজনি অসমলৈ অহা বহু সন্দেহজনক নাগৰিক আছে। এইসকলকে উজনি অসম এৰি যাবলৈ হুংকাৰ।

এই সংবাদমেলতেই সংগঠনটোৰ নেতা ৰিদীপ ডেকাই চহৰৰ মাজমজিয়াত প্ৰতি দেওঁবাৰে অনুষ্ঠিত হোৱা কৃষক বজাৰ সম্পূৰ্ণৰূপে মিঞামুক্ত কৰাৰ দাবী উত্থাপন কৰে।

শিৱসাগৰ