/asomiyapratidin/media/media_files/2026/02/11/92-2026-02-11-13-48-21.jpg)
ডিজিটেল সংবাদ, শ্ৰীভূমি : শ্ৰীভূমি জিলাৰ আছিমগঞ্জ আনিপুৰ পথৰ ছিংলা নৈৰ ওপৰত থকা লোহাৰ দলঙখন বুধবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত ভাগি পৰে। অভাৰলোড ডাম্পাৰ'ৰ দৌৰাত্ম্যৰ ফলত দলং ভাগি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
দলংখন ভাগি যোৱাৰ ফলত বন্ধ হৈ পৰিছে সকলো ধৰণৰ যান-বাহনৰ চলাচল। সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।
নৈখনৰ ওপৰত থকা গুৰুত্বপূৰ্ণ দলংখন হঠাতে ভাগি পৰাত একাধিক বাহন নৈত পৰি যায়।
এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হৈছে। একেদৰে দুখন হাইভা ডাম্পাৰ, এখন ৱেগনাৰ, এখন অল্টো, এখন বাইক আৰু এখন ট্ৰাক ক্ষতিগ্ৰস্ত হয়। দলঙ ভাঙি পৰাৰ লগে লগে চালক আৰু যাত্ৰীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় আৰু মুহূৰ্ততে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।
এই মৰ্মান্তিক দুৰ্ঘটনাত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। তেওঁলোকৰ এজনক ততাতৈয়াকৈ শ্রীভূমি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনজনক চৰগুলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে চক্ৰ বিষয়া সৌভিক দত্ত লগতে বৃহৎ আৰক্ষী বাহিনী। উদ্ধাৰ অভিযান আৰু যান চলাচল নিয়ন্ত্ৰণৰ বাবে অব্যাহত আছে চেষ্টা। স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি মাত্ৰ কিছুদিন আগতেই দলঙখনৰ সংস্কাৰৰ নামত চৰকাৰী ধন ব্যয় কৰা হৈছিল।
সংস্কাৰৰ এবছৰো নোহোৱাতে কেনেকৈ দলঙ ভাঙি পৰিল ? — এই প্ৰশ্নই এতিয়া বিভাগীয় তদাৰকী আৰু কামৰ মানদণ্ডক লৈ সন্দেহ উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us